NORTHEAST NOW (Assamese)
অসম

CAA-ৰ বিৰোধিতা; ডিব্ৰুগড় জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক জগজিৎ গোহাঁইক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 19, 2020 1:06 pm
Jagjit Gohain

নাগৰিকত্ব (সংশোধন) আইন বিৰোধী আন্দোলনত সক্ৰিয়া ভূমিকা পালন কৰা ডিব্ৰুগড় জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক জগজিৎ গোহাঁইক  গ্ৰেপ্তাৰ কৰা হৈছে।

চাবুৱাৰ অনিৰুদ্ধ কলাক্ষেত্ৰৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্য্যালয়ৰ পৰাই সংগঠনটোৰ নেতা গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, নাগৰিকত্ব (সংশোধন) আইন বিৰোধী আন্দোলনত জড়িত হৈ থকা জগজিৎ গোহাঁইৰ বিৰুদ্ধে চাবুৱা থানাত গোচৰ ৰুজু হৈ আছিল বুলি সূত্ৰত প্ৰকাশ।

ছাত্ৰ মুক্তি সংগ্ৰাম সমতিৰ আন দুই গৰাকী নেতা ক্ৰমে মানস কোঁৱৰ আৰু বিতু সোণোৱালকো নিয়াই পূৰ্বতে গ্ৰেপ্তাৰ কৰিছিল।

আনহাতে, ইতিমধ্যে দুই শীৰ্ষ কৃষক নেতা ক্ৰমে অখিল গগৈ আৰু ধৈৰ্য্য কোঁৱৰকো কা বিৰোধী আন্দোলনৰ সময়তে নিয়াই ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল।

বৰ্তমান কাৰবন্দী হৈ আছে অখিল গগৈ আৰু ধৈৰ্য্য কোঁৱৰ। আজি মেধা পাটকাৰে গুৱাহাটীৰ কাৰাগাৰত অখিল গগৈক সাক্ষাৎ কৰিব।