NORTHEAST NOW (Assamese)
অসম

অপূৰ্ব কাকতিৰ অপহৰণৰ লগত জড়িত থকাৰ সন্দেহত জাগুনৰ পৰা আলফা(স্বা)ৰ লিংকমেন আটক

Posted by: মানস প্ৰতিম গগৈ November 24, 2018 9:40 pm
অপূৰ্ব কাকতিৰ অপহৰণৰ লগত জড়িত থকাৰ সন্দেহত জাগুনৰ পৰা আলফা(স্বা)ৰ লিংকমেন আটক

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত জাগুনত আৰক্ষীয়ে আজি আলফা স্বাধীনৰ সৈতে জড়িত থকাৰ সন্দেহত এজন ব্যক্তিক আটক কৰে৷

প্ৰাপ্ত তথ্য মতে জাগুন আৰক্ষীয়ে আজি এক অভিযান চলাই জাগুনৰ ২ নং ফানেং গাঁৱৰ পৰা বাবু বসুমতাৰী নামৰ আলফা (স্বা)ৰ লিংকমেনজনক আটক কৰে।

আটকাধীন লিংকমেনটো শেহতীয়াকৈ জাগুনৰ এগৰাকী যুৱতী আৰু চন্দ্ৰ বুঢ়াগোহাঁই নামৰ যুৱকজনক আলফা (স্বা)ত যোগদান কৰোৱাত জড়িত থকা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

লগতে যোৱা ১৯ নৱেম্বৰত জাগুনৰ এটা শিল ভঙা মিলৰ কৰ্মচাৰী অপূৰ্ব কাকতিৰ অপহৰণকাণ্ডটো জড়িত থকা বুলিও আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

ইতিমধ্যে জাগুন আৰক্ষীয়ে অধিক তথ্যৰ বাবে বাবু বসুমতাৰীক জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।