NORTHEAST NOW (Assamese)

ভীমা কোৰেগাঁও গোচৰ: হাৰাশাস্তিৰ অভিযোগত কাৰাগাৰৰ ভিতৰতে অনশনত বহিল গোৰাখে

May 26, 2022 3:58 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 26, 2022 4:08 pm

২০১৮ চনৰ ভীমা কোৰেগাঁও গোচৰৰ অভিযুক্ত, বৰ্তমান মুম্বাইৰ তালোজা কাৰাগাৰত কাৰাবন্দী হৈ থকা সাগৰ তাতিয়াৰাম গোৰাখে কাৰাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে নিৰ্যাতন আৰু অমানৱীয় আচৰণৰ অভিযোগ তুলি যোৱা ২১ মে’ৰ পৰা অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী গ্ৰহণ কৰিছে।

মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী দিলীপ ৱালছে পাটিললৈ এখন পত্ৰ প্ৰেৰণ কৰি গোৰাখেই আৰম্ভণিৰ পৰাই কাৰাগাৰ প্ৰশাসনে ভীমা কোৰেগাঁও গোচৰত অভিযুক্ত ব্যক্তিসকলৰ প্ৰতি চৰম বৈষম্যমূলক আচৰণ কৰিছে বুলি অভিযোগ কৰিছে।

গোৰাখেৰ অভিযোগ অনুসৰি এই গোচৰটোত অভিযুক্ত কেইবাগৰাকীও ব্যক্তি বৰ্তমান শাৰীৰিক অসুস্থতাত ভুগি থকাৰ পিছতো কাৰাগাৰ কৰ্তৃপক্ষই তেওঁলোকৰ চিকিৎসাত ইচ্ছাকৃত অৱহেলা কৰিছে।

আনহাতে অভিযুক্ত সকললৈ অহা প্ৰতিখন পত্ৰ বা কাকতৰ টোপোলা কাৰাগাৰ কৰ্তৃপক্ষই তেওঁলোকৰ সন্মুখত খোলাৰ পৰিৱৰ্তে পূৰ্বেই অবৈধভাৱে স্কেন বা পৰীক্ষা কৰাৰ অভিযোগ উত্থাপন কৰিছে গোৰাখেই। স্কেন কৰা এই প্ৰতিলিপিসমূহ পিছত পোনপটীয়াকৈ অনুসন্ধান সংস্থালৈ প্ৰেৰণ কৰা হয় বুলিও তেওঁ বিস্ফোৰক অভিযোগ আনিছে।

আনহাতে এজন অভিযুক্তই কাৰাগাৰৰ ভিতৰত পাবলগীয়া নূন্যতম সা-সুবিধাৰ পৰাও ভীমা কোৰেগাঁও গোচৰৰ অভিযুক্ত সকলক বঞ্চিত কৰা বুলি অভিযোগ কৰি গোৰাখেই কয়, “কাৰাগাৰ কৰ্তৃপক্ষই এক নিৰ্দিষ্ট বিজ্ঞপ্তি প্ৰকাশ কৰি সন্ত্ৰাসবাদী কাৰ্যকলাপ, ৰাজদ্ৰোহ, নক্সালবাদ ইত্যাদি অপৰাধত অভিযুক্তসকলক এনে সুবিধা প্ৰদান কৰা নহ’ব বুলি উল্লেখ কৰিছে।”

কিন্তু এজন অভিযুক্তৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সঁচা প্ৰমাণিত নোহোৱা পৰ্যন্ত অভিযুক্ত এজনক দোষী হিচাপে গণ্য কৰাটো মৌলিক মানৱ অধিকাৰৰ উলংঘন বুলি উল্লেখ কৰি কাৰাগাৰ কৰ্তৃপক্ষৰ দ্বাৰা জাৰী কৰা বিজ্ঞপ্তিখন ন্যায় বহিৰ্ভূত বুলি গণ্য কৰিবলৈ দাবী জনায় গোৰাখেই।

কাৰাগাৰত প্ৰতিদিনে অভিযুক্তসকলৰ মৌলিক মানৱ অধিকাৰ পদদলিত কৰা হৈছে আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদস্বৰূপেই তেওঁ অনশনত বহা বুলি গোৰাখেই সদৰি কৰে।

মুঠ পাঁচটা দাবী সম্বলিত পত্ৰখনত গোৰাখেই কাৰাবন্দী সকলে কাৰাগাৰৰ ভিতৰত পাবলগীয়া নূন্যতম ১৩৫ লিটাৰ পানীৰ পৰিৱৰ্তে মাত্ৰ ১৫ লিটাৰকৈ পানীহে যোগান ধৰে বুলি অভিযোগ কৰে। এই দাবীসমূহ পূৰণ নোহোৱা পৰ্যন্ত গোৰাখেই কাৰাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন অনশন অব্যাহত ৰাখিব বুলি ঘোষণা কৰে।

ভীমা কোৰেগাঁও যুদ্ধ বিজয়ৰ গৌৰৱৰ লগত সঙ্গতি ৰাখি ২০১৮ চনৰ ৩১ ডিচেম্বৰত অনুষ্ঠিত কৰা অনুষ্ঠানটোত দেশৰ কেইবাগৰাকীও প্ৰখ্যাত সাহিত্যিক, বুদ্ধিজীৱি, অধিবক্তা, দলিত নেতা, মানৱ অধিকাৰ কৰ্মীয়ে অংশগ্ৰহণ কৰিছিল। অনুষ্ঠানটোৰ পিছদিনাই ভীমা কোৰেগাঁৱত এক হিংসাত্মক ঘটনা সংঘটিত হয়।

৩১ ডিচেম্বৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত দিয়া উচতনিমূলক ভাষণে এই হিংসাত্মক ঘটনাৰ সৃষ্টি কৰে বুলি অভিযোগ কৰি পুনে আৰক্ষীয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰা কেইবাজনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে অভিযুক্তসকল মাওবাদীৰ সৈতে সম্পৰ্কিত বুলি অভিযোগ কৰি UAPA ৰ দৰে কঠোৰ আইনৰ অধীনত গোচৰ ৰুজু কৰিছিল।

ইতিমধ্যে এই গোচৰত কাৰাগাৰত বন্দী হৈ থকা অৱস্থাতে সমাজকৰ্মী ফাদাৰ ষ্টেন স্বামীৰ মৃত্যু হৈছে। গোৰাখেই ষ্টেন স্বামীৰ মৃত্যুৰ বাবে কাৰাগাৰ কৰ্তৃপক্ষৰ বৈষম্যমূলক আৰু অমানৱীয় আচৰণেই দায়ী বুলি অভিযোগ তুলিছে।

Related News