NORTHEAST NOW (Assamese)
অসম

কৃষক বিদ্ৰোহলৈ সমৰ্থন জনোৱা কানাডাৰ কোভিড সন্মিলনত ভাগ নলয় ভাৰতৰ বিদেশমন্ত্ৰী জয়শংকৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 5, 2020 5:02 pm
a cana da download

কৃষক বিদ্ৰোহে কঁপাই গৈছে সমগ্ৰ দেশকে।

তিনিখনকৈ বহু বিতৰ্কিত কৃষি বিধেয়কৰ বিৰুদ্ধে দেশৰ কৃষকসকল জাগি উঠাৰ সময়তে কৃষক বিদ্ৰোহলৈ মুকলি সমৰ্থন জনাইছে কানাডাৰ চৰকাৰে।

এই কথাতে কানাডাৰ চৰকাৰৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰিছে ভাৰত চৰকাৰ।

সৌসিদিনা গুৰু পৰৱৰ সময়ত ভাৰতৰ শিখধৰ্মী লোকসকলক উদ্দেশ্যি কানাডাৰ প্ৰধান মন্ত্ৰী জাষ্টিন ট্ৰুডোৱে দিয়া ভিডিঅ’ বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি কৈছিল যে ভাৰতৰ কৃষকসকল এনে দুৰ্দশা সচাঁকৈয়ে দুৰ্ভাগ্যৰ কথা।

আন্দোলন কৰাৰ অধিকাৰ সকলোৰে আছে যদিও ভাৰতৰ কৃষকসকলে শান্তিৰে আন্দোলনো কৰিব পৰা নাই বুলি তেওঁ মন্তব্য কৰিছিল।

ট্ৰুডোৰ এনে মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভাৰতৰ বিদেশ দপ্তৰে এইবুলি কৈছিল যে কানাডাৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এনে মন্তব্যই একাংশ বিচ্ছিন্নতাবাদীক উৎসাহিত কৰিব।

ইপিনে কানাডাত ভাৰতৰ কৃষকসকলৰ আন্দোলনৰ প্ৰতি সমৰ্থন জনাই ঠায়ে ঠায়ে কাৰ ৰেলী আৰু আন ৰেলীও উলিওৱা হৈছে।

কৃষকৰ পক্ষত থিয় দিয়াৰ বাবেই ৭ ডিচেম্বৰত কানাডাত অনুষ্ঠিত হবলগীয়া কোভিড সন্মিলনত অংশগ্ৰহণ নকৰে ভাৰতৰ বিদেশমন্ত্ৰী এছ জয়শংকৰে।

ভাৰত চৰকাৰে সন্মিলনত জয়শংকৰে অংশগ্ৰহণ নকৰাৰ বেলেগ যুক্তি দিছে যদিও বুজোতাই ঠিকেই বুজিছে কি কাৰণত জয়শংকৰে কানাডাৰ কোভিড সন্মিলনলৈ নাযায়।