NORTHEAST NOW (Assamese)
Popular Stories

জল জীৱন আঁচনিৰ নামত মৃত্যুৰ ফান্দ পাতিছে চৰকাৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 10, 2023 4:32 pm

জল জীৱন মিছন আঁচনিৰ নামত যেন মৃত্যুৰ ফান্দ পাতিছে চৰকাৰ প্ৰশাসনে। জল জীৱন মিছনৰ বাবে খন্দা গাঁতবোৰ এতিয়া ৰাজ্যৰ জনসাধাৰণৰ বাবে মৃত্যুৰ ফান্দত পৰিণত হৈছে।  জল জীৱন আঁচনিৰ বাবে খন্দা গাঁতত বাহন বাগৰি পৰাৰ বাবে মৃত্যু হৈছে ডিব্ৰুগড়ৰ এজন যুৱকৰ।

দেখা গৈছে যে জল জীৱন মিছন আঁচনিৰ নামত অসমত নতুনকৈ নিৰ্মাণ কৰা প্ৰায়বোৰ পথেই ক্ষতিগ্ৰস্ত হৈছে। পানীৰ পাইপ স্থাপনৰ বাবে গাঁত খান্দি পথৰ ক্ষতিসাধন কৰা হৈছে। কিন্তু পাইপ স্থাপন কৰৰ পিছত গাঁতবোৰ সঠিক ভাবে পোতা হোৱা নাই।

বৃহস্পতিবাৰে নিশা ডিব্ৰুগড়ৰ গৰম বজাৰৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জল জীৱন মিছনৰ গাতত এখন দুচকীয়া বাহন পৰি যোৱাৰ ফলত এজন যুৱকৰ মৃত্যু হয় ।

যুৱকজন ডিব্ৰুগড়ৰ লোহাৰপটীৰ আব্দুল ৰহিম(৩৭) বুলি জানিব পৰা গৈছে।

সূত্ৰ অনুসৰি যুৱকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছে যদিও চিকিৎসকে তেওঁক মৃত্যু ঘোষণা কৰে।

স্থানীয় এজন লোকৰ মতে,  “জল জীৱন মিছনৰ বাবে সেই পথত বৃহৎ গাঁত খন্দা হৈছিল। এনে গাঁতৰ বাবে আমাৰ ইয়াত প্ৰায়ে সমস্যাৰ সৃষ্টি হয়। সংশ্লিষ্ট বিভাগৰ গাফিলতিৰ বাবে যুৱকজনে প্ৰাণ হেৰুৱাইছে।”

ডিব্ৰুগড়ৰ স্থানীয় বাসিন্দাসকলে অভিযোগ কৰে যে প্ৰকল্পটোৰ বাবে পথত বিভাগীয় কৰ্তৃপক্ষই এনেকুৱা বহু গাঁত খান্দিছিল আৰু কাম সম্পূৰ্ণ কৰাৰ পিছত গাঁতবোৰ পুতি নেপেলালে। যাৰ বাবে ডিব্ৰুগড়ত অধিকাংশ পথেই ক্ষতিগ্ৰস্ত হৈছে।

ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনেও স্বীকাৰ কৰে যে এই প্ৰকল্পৰ বাবে ডিব্ৰুগড়ৰ ৰাজপথত মুঠ ৫৩২০টা গাঁত খন্দা হৈছিল।

“নৱ নিৰ্মিত পথত ৫,৩২০টা গাঁত খন্দাৰ বাবে মই অতিশয় অসুখী। আমি প্ৰকল্পটো বন্ধ কৰিব নোৱাৰো কাৰণ এইটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এটা ফ্লেগশ্বিপ প্ৰগ্ৰেম। মই আশ্বাস দিলোঁ যে পাঁচ মাহৰ ভিতৰত গাঁতবোৰ পুতি পেলোৱা হ’ব”  – বিধায়ক প্ৰশান্ত ফুকনে কয়।