NORTHEAST NOW (Assamese)
অসম

‘জম্মু-কাশ্মীৰ ভাৰতৰ অভ্যন্তৰীণ বিষয়’, বিদেশত পাকিস্তানক ধমক গৌৰৱ গগৈৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 5, 2019 1:30 pm
Gaurav Gogoi

জম্মু-কাশ্মীৰৰ বিষয়টোক লৈ বিতৰ্কৰ সৃষ্টি কৰি থকা পাকিস্তানক পুনৰ এবাৰ সকিয়ালে ভাৰতে। শাসকীয় দলৰ নেতাৰ বিপৰীতে এইবাৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে পাকিস্তানক জম্মু-কাশ্মীৰ ভাৰতৰ অভ্যন্তৰীণ বিষয় বুলি স্পষ্ট কৰি দিয়ে।

উল্লেখ্য যে যোৱা ২ ছেপ্তেম্বৰত কলম্বোত অনুষ্ঠিত শিশুসকলৰ অধিকাৰ বিষয়ক য়ুনিচেফৰ দক্ষিণ এছিয়াৰ সাংসদসকলৰ সন্মিলনতে সাংসদ গগৈয়ে এই মন্তব্য কৰে।

সাংসদ গগৈয়ে নিজৰ ফে’চবুকত শ্বেয়াৰ কৰা এটা ভিডিঅ’ প’ষ্টৰ জৰিয়তে কয় যে ভাৰতৰ বক্তব্য শেষ হোৱাৰ পাছতে পাকিস্তানী প্ৰতিনিধিয়ে জম্মু-কাশ্মীৰৰ প্ৰসংগ উত্থাপন কৰিছিল। আৰু তেতিয়াই তেওঁলোকক কাশ্মীৰ প্ৰসংগত বিদেশীক হস্তক্ষেপৰ অনুমতি দিয়া নহ’ব বুলি স্পষ্টকৈ কোৱা হয়।

ইয়াৰ উপৰি গগৈ আৰু আনজন প্ৰতিনিধি বিজেপিৰ সাংসদ সঞ্জয় জয়ছোৱালে পাকিস্তানক ভাৰতৰ কথা চিন্তা কৰিব বাদ দি নিজৰ অভ্যন্তৰীণ বিষয়ত নজৰ ৰাখিবলৈ আহ্বান জনায়।

অসমৰ কলিয়াবৰ সমষ্টিক প্ৰতিনিধিত্ব কৰা গৌৰৱ গগৈয়ে সন্মিলনখনত পাকিস্তানৰ প্ৰতিনিধি দলটোক তীব্ৰ ভাষাৰে সমালোচনা কৰা দেখা যায়।

নিজৰ ফে’চবুকত শ্বেয়াৰ কৰা ভিডিঅ’টোত সাংসদজনে পাকিস্তানৰ প্ৰতিনিধি দলটোক নিজৰ দেশত সংখ্যালঘুসকলৰ অৱস্থা তথা মানৱ অধিকাৰ উলংঘনৰ বিষয়েও সোঁৱৰাই দিয়া দেখা যায়।

উল্লেখ্য যে পাকিস্তানে জম্মু-কাশ্মীৰৰ বিষয়টো বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চত উপস্থাপন কৰি আহিছে যদিও প্ৰতিবাৰেই এনেদৰে মুখঠেকেচা খাব লগীয়া হয়।