NORTHEAST NOW (Assamese)

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত জয়েৰে অভিযান আৰম্ভ অসমৰ যমুনা বড়োৰ

October 4, 2019 6:25 pm · এন ই নাও নিউজ
যমুনা বড়ো

ৰাছিয়াত চলি থকা মহিলাৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত আজি জয়েৰে অভিযান আৰম্ভ কৰিছে ভাৰতে।

অসমৰ প্ৰতিভাৱান বক্সাৰ যমুনা বড়োই প্ৰথমখন খেলত মংগোলিয়াৰ প্ৰতিদ্বন্দ্বী এৰদেনদালাই মিচিদমাক পৰাস্ত কৰি ভাৰতক প্ৰতিযোগিতাখন সন্তোষজনক আৰম্ভণি দিয়ে।

৫৪ কিলোগ্ৰাম বাণ্টাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা যমুনাই মংগোলিয়াৰ প্ৰতিদ্বন্দ্বী গৰাকীক ৫-০ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে।

যমুনাৰ শক্তিশালী আৰু আক্ৰমণাত্মক খেলৰ সন্মুখত মিচিদমাই কোনোধৰণৰ প্ৰতিৰোধ গঢ়িবলৈ সক্ষম নহ’ল।

উল্লেখযোগ্য যে, এই পৰ্যন্ত অলিম্পিক গেইমছত ৫৪ কিলোগ্ৰাম ওজনৰ শাখা অন্তৰ্ভূক্ত হোৱা নায়।

চলিত বৰ্ষৰ মে’ মাহত অনুষ্ঠিত হোৱা ইণ্ডিয়া অ’পেন বক্সিং চেম্পিয়নশ্বিপত যমুনাই সন্ধ্যাৰাণী দেৱীক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰিছিল।

বিভিন্ন আগশাৰীৰ বিশ্বমানৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভাৰ পৰিছয় দিবলৈ সক্ষম হোৱা যমুনাই বিশ্ব চেম্পিয়নশ্বিপত ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি পদক জয় কৰিবলৈ সক্ষম হ’ব বুলি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে ৰাজ্যৰ ক্ৰীড়া অনুৰাগীসকলে।

Related News