NORTHEAST NOW (Assamese)
অসম

টীয়কৰ সমস্যাজৰ্জৰ জাঁজীমুখৰ প্ৰতি কেতিয়া সুদৃষ্টি নিক্ষেপ কৰিব চৰকাৰে?

Posted by: নিৰ্মলেন্দু পাঠক, টীয়ক Updated by: নিৰ্মলেন্দু পাঠক, টীয়ক December 16, 2021 11:47 am
টীয়কৰ সমস্যাজৰ্জৰ জাঁজীমুখৰ প্ৰতি কেতিয়া সুদৃষ্টি নিক্ষেপ কৰিব চৰকাৰে?

বাৰিষা বান আৰু খৰালি বন্যহস্তীৰ তাণ্ডৱকে ধৰি এশ এবুৰি সমস্যাৰে ভৰপুৰ যদিও অসমৰ গ্ৰাম্য অৰ্থনীতিক তৰান্বিত কৰিব পৰা ৰপ্ৰচুৰ সম্ভাৱনাময় এক স্থানৰ নাম যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখ ।

জাঁজীমুখৰ ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক দৃশ্যই বহুতকে আকৰ্ষিত কৰি আহিছে । তদুপৰি শীতৰ আগমনৰ লগে লগে ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি প্ৰাপ্ত মিছামাৰী জলাশয়কে ধৰি সৰু বৰ  প্ৰায় ২০/২২টা জলাশয়লৈ আগমন ঘটা দেশী-বিদেশী পৰিভ্ৰমী পখীৰ উপস্থিতিয়ে আকৰ্ষণ কৰে প্ৰকৃতিপ্ৰেমী সকলক। ইপিনে জাঁজীমুখৰ দুগ্ধ,মৎস্যই চাহিদা পূৰণত সহায় কৰি আহিছে যোৰহাট জিলাৰ লগতে কাষৰীয়া শিৱসাগৰ জিলাতো ।

প্ৰকৃতিয়ে জাঁজীমুখক দিয়া অনন্য সমাহাৰৰ বিপৰীতে কিন্তু চৰকাৰ তথা জনপ্ৰতিনিধিৰ অমনোযোগিতাৰ বাবে প্ৰচুৰ সম্ভাৱনা থকা স্বত্বেও আজি অৱহেলিত জাঁজীমুখ ।

যাতায়তৰ দুৰৱস্থা, বান আৰু গৰাখহনীয়াৰ তাণ্ডৱ, বনৰীয়া হাতীৰ উপদ্ৰৱ,বিশুদ্ধ খোৱাপানীৰ অভাৱ,উন্নত চিকিৎসা ব্যৱস্থাৰ অভাৱ, আদি এশ এটা সমস্যাৰে ভাৰাক্ৰান্ত জাঁজীমুখৰ এই সমস্যা সমূহ সমাধানৰ বেলিকা কোনোটো ৰাজনৈতিক দলৰ সদিচ্ছাৰ অভাৱ । বান গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে চৰকাৰে আজি পৰ্যন্ত ব্যৱস্থা গ্ৰহণ নকৰিলে ।

স্বাধীনতাৰ সুদীৰ্ঘ দিনৰ পাছতো বহি: জগতৰে যাতায়ত সুচল নহল জাঁজীমুখৰ জপং,তিনিঘৰীয়া,বৰমথাউৰি, শগুনপাৰা আদিকে ধৰি প্ৰায় আঠ/ন খন গাঁৱৰ ৰাইজৰ । এই সকল গাঁও বাসীয়ে জাঁজী নদী আৰু ব্ৰহ্মপুত্ৰৰ মোহনা অঞ্চলত টুলুঙা নাঁৱৰে ইপাৰ-সিপাৰ হ’ব লগা হয় ।

জাঁজীমুখৰ এই সমস্যা সমূহৰ সমাধান হ’বনে! প্ৰকৃতাৰ্থত পথাৰ আমাৰ ,বজাৰ আমাৰ বুলি সততে কোৱাসকলে জাঁজীমুখৰ এইসমূহ সম্পদক লৈ বজাৰৰ ব্যৱস্থা কৰিবনে?