NORTHEAST NOW (Assamese)
Popular Stories

দুবাৰৰ চেম্পিয়ন কাৰ্লোছ আলকাৰাজক পৰাস্ত কৰি উইম্বলডন জয় ইটালীৰ আনিক ছিনাৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 14, 2025 4:01 pm

উইম্বলডনত ইতিহাস ৰচিলে ইটালীৰ আনিক ছিনাৰে। ছিনাৰে প্ৰথমবাৰৰ বাবে ডিফেণ্ডিং চেম্পিয়ন কাৰ্লোছ আলকাৰাজক পৰাস্ত কৰি উইম্বলডনত জয়লাভ কৰে। প্ৰথম ছেটত পৰাস্ত হোৱাৰ পিছতো ইটালীৰ টেনিছ তাৰকাগৰাকীয়ে দ্বিতীয় ৰাউণ্ডৰ পৰা একেৰাহে তিনিটা ছেট জয় কৰি খিতাপ লাভ কৰে।

প্ৰথমবাৰৰ বাবে উইম্বলডনত নিজকে প্ৰমাণ কৰিলে ছিনাৰে। ৰোমাঞ্চকৰ ফাইনেলখনত ছিনাৰে আলকাৰাজক ৪-৬, ৬-৪, ৬-৪, ৬-৪ পইণ্টত পৰাস্ত কৰে। এয়া ছিনাৰৰ চতুৰ্থটো গ্ৰেণ্ড শ্লেম খিতাপ। ইয়াৰ পূৰ্বে ছিনাৰে দুটা অষ্ট্ৰেলিয়ান অ’পেন আৰু এটা ইউ এছ অ’পেনত জয়লাভ কৰিছে। তেওঁ উইম্বলডনত পুৰুষৰ একক খিতাপ দখল কৰা ইটালীৰ প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয়।

এই জয়ৰ জৰিয়তে ছিনাৰে ৮ জুনত ৰ’লেণ্ড গাৰোছ (ফ্ৰেঞ্চ অ’পেন)ত আলকাৰাজৰ হাতত পৰাজয়ৰ প্ৰতিশোধো লয়। সেইখন মেচ আছিল ফ্ৰেন্স অ’পেনৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া ফাইনেল, য’ত ছিনাৰ পৰাস্ত হৈছিল। এইবাৰ ছিনাৰে আলকাৰাজৰ উইম্বলডনৰ ক্ৰমাগত জয়ৰো অন্ত পেলায়। বিগত দুবছৰ ধৰি উইম্বলডনৰ খিতাপ দখল কৰি আহিছিল কাৰ্লোচ আলকাৰাজে।