NORTHEAST NOW (Assamese)
অসম

জাপানৰ টহলদাৰী সামৰিক হেলিকপ্টাৰ বিধ্বস্ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 7, 2023 8:12 am

জাপানৰ এখন টহলদাৰী সামৰিক হেলিকপ্টাৰ বিধ্বস্ত হৈছে। হেলিকপ্টাৰখনত কমেও ১০ জন যাত্ৰী আছিল। দক্ষিণ-পশ্চিম অকিনাৱা দ্বীপৰ মিয়াকোজিমাৰ সমীপত বৃহস্পতিবাৰে হেলিকপ্টাৰখন সাগৰত বিধ্বস্ত হয়।

বাতৰি অনুসৰি, যাত্ৰীসকলক জীৱিত অৱস্থাত উদ্ধাৰৰ বাবে নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান চলাইছে।

লগতে পঢ়ক: চিবিআইৰ ৰোষত মোডীৰ শাসনত ভাৰতৰ আৰ্থিক বৈষম্যৰ প্ৰতিবেদন দিয়া অক্সফাম!

জাপানৰ গ্ৰাউণ্ড ডিফেন্স ফৰ্চৰ (জিএছডিএফ) প্ৰধান জেনেৰেল ইয়াছুন’ৰি মৰিচিতাই সংবাদমেলত এই তথ্য প্ৰদান কৰে।

ব্লেক হক নামেৰে পৰিচিত জাপানী সেনাৰ এখন ইউ এইচ ৬০ হেলিকপ্টাৰে সেনা কঢ়িয়াই লৈ গৈছিল বুলিও তেওঁ জনায়।

লগতে পঢ়ক: ৰিজাৰ্ভ বেংকৰ ঘোষণাত সকাহ! ৰেপো ৰেট বৃদ্ধি নকৰাৰ সিদ্ধান্ত গৱৰ্ণৰৰ

মিয়াকোজিমাত থকা জি এছ ডি এফৰ ঘাটিৰ পৰা উৰণৰ কিছু সময়ৰ পিছতে হেলিকপ্টাৰখনৰ সৈতে ৰাডাৰৰ সংযোগ বিছিন্ন হৈ যায়। বিমানখনে মিয়াকোজিমাৰ চাৰিওফালে টহল দিছিল।