NORTHEAST NOW (Assamese)

Super-Typhoon জাপানত শক্তিশালী টাইফুন নানমাডোলৰ আতংক ; হাজাৰ হাজাৰ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত

September 19, 2022 9:36 am · এন ই নাও নিউজ,গুৱাহাটী

শক্তিশালী টাইফুন নানমাডোলে দেওবাৰে নিশা দক্ষিণ-পশ্চিম জাপানত প্ৰৱেশ কৰাৰ পিছতে বিভিন্ন ঠাইৰ পৰা ব্যাপক ক্ষয়-ক্ষতিৰ খবৰ আহিছে। জাপানৰ বহু ঠাইত প্ৰচণ্ড ধুমুহা আৰু মুষলধাৰ বৰষুণ আৰম্ভ হৈছে।

সোমবাৰে দুপৰীয়াৰ ভিতৰত প্ৰায় ৫০ চেণ্টিমিটাৰ (২০ ইঞ্চি) বৰষুণৰ আগজাননী দিছে স্থানীয় বতৰ বিভাগে। বানপানী আৰু ভূমিস্খলনৰ বিষয়েও সতৰ্ক কৰি দিছে স্থানীয় কৰ্তৃপক্ষই । ইতিমধ্যে সাগৰৰ কাষৰীয়া ঠাইৰ পৰা হাজাৰ হাজাৰ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰকৰা হৈছে। অধিক ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা থকা কাগোছিমাৰ ৯,০০০ৰো অধিক বাসিন্দাই চৰকাৰে স্থাপন কৰা কেন্দ্ৰত আশ্ৰয় লৈছে।

মিয়াজাকিত আন ৪,৭০০ লোকক স্থানান্তৰ কৰা হৈছে। কিউচু ইলেক্ট্ৰিক পাৱাৰ কোম্পানীয়ে কৈছে যে দেওবাৰে কিউচু দ্বীপৰ ৯৩,০০০ তকৈও অধিক ঘৰত বিদ্যুতৰ সংযোগ কাটি দিয়া হৈছে।ধুমুহাৰ ফলত কাগোছিমাৰ কানোয়া চহৰত পাচিনকো পিনবল পাৰ্লাৰৰ কিছু অংশ ভাঙি পৰিছে।

জাপানত ধুমুহাৰ বাবেই শ শ বিমান বাতিল কৰা হৈছে । জাপান এয়াৰলাইনছ আৰু অল নিপ্পন এয়াৰৱেজৰ মতে টাইফুন উত্তৰ-পূবদিশে যোৱাৰ পৰিপ্ৰেক্ষিততে বহু বিমান বাতিল কৰা হৈছে। কাগোছিমা আৰু মিয়াজাকিৰ ৰে’ল আৰু বাছকে ধৰি ৰাজহুৱা পৰিবহন বন্ধ ৰখা হৈছে। কিউচু দ্বীপত বুলেট ৰে’লৰ চলাচল স্থগিত ৰখা হৈছে।

Related News