NORTHEAST NOW (Assamese)
অসম

যশপ্ৰীত বুমৰাহে ৰচিলে ইতিহাস; টেষ্ট ক্ৰিকেটত এনে অভিলেখ গঢ়া প্ৰথমগৰাকী ভাৰতীয় বলাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 26, 2019 10:07 am
Bumrah

ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে  চলিত টেষ্ট চিৰিজৰ প্ৰথমখন খেলত ভাৰতীয় বলাৰ যশপ্ৰীত বুমৰাহে চমৎকাৰ বলিং প্ৰদৰ্শন কৰি টীম ইণ্ডিয়াৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা লয়।

বুমৰাহে খেলখনৰ দ্বিতীয় ইনিংছত ৭ ৰাণৰ বিনিময়ত ৫টা উইকেট দখল কৰে। বুমৰাহে চতুৰ্থবাৰৰ বাবে এইদৰে ৫টা উইকেট দখল কৰে।

ফাষ্ট বলাৰ বুমৰাহে অপেনিং স্পেলত ৱেষ্টইণ্ডিজৰ শীৰ্ষ ক্ৰম বিধ্বস্ত কৰি তোলাৰ সময়ত বিপৰীত দিশৰ পৰা ইশান্ত শৰ্মাই পূৰ্ণ সহযোগ আগবঢ়ায়।

বুমৰাহে ৫টা উইকেট দখল কৰোতে ৮ অ’ভাৰ বলিং কৰি মাত্ৰ ৭ ৰাণহে দিয়ে।

ৱেষ্টইণ্ডিজৰ উপৰিও বুমৰাহৰ দক্ষিণ আফ্ৰিকা, ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধেও ৫টা উইকেট দখল কৰাৰ অভিলেখ আছে।

বুমৰাহে এতিয়ালৈকে ১১খন টেষ্ট খেলিছে আৰু ইয়াৰ প্ৰতিখন নিজৰ প্ৰথম খেলত ৫টা উইকেট দখল কৰিছে।

এইদৰে তেওঁ টেষ্টত চাৰিবাৰ ৫টা উইকেট দখল কৰা প্ৰথমগৰাকী ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হৈছে।

EC2Ep24XsAMYWmC
ফটো : নৰ্থইষ্ট নাও

যশপ্ৰীত বুমৰাহে তেওঁৰ প্ৰথমটো অ’ভাৰতে ক্ৰেইগ ব্ৰেথৱেইটক উইকেটৰ পাছত কেচ কৰায়। ইয়াৰ পাছৰ অ’ভাৰটোতে তেওঁ আনগাৰাকী আগশাৰীৰ বেটছমেন জন কেম্পবেলৰ উইকেট দখল কৰে।

ইয়াৰপাছৰ অ’ভাৰটোত ইশান্ত শৰ্মাই প্ৰথমটো বলতেই সৰমৰ্থ ব্ৰুকছক এল বি ডব্লিউ আউট কৰে।

বুমৰাহৰ বলত কেপ্টেইন কোহলীয়ে ছিমৰ’ণ হেটমেয়ৰৰ ক্যাচ পেলালেও ইশান্তে এই ভুলক ভাৰতৰ বাবে সমস্যা হ’বলৈ নিদিলে।

ইশান্তৰ বলত হেটমেয়ৰে ড্ৰাইভ কৰিবলৈ গৈ আজিংকা ৰাহানেৰ হাতত কেচ দি বিদায় লয়।

ইয়াৰ পাছতে বুমৰাহে তেওঁৰ চতুৰ্থ অ’ভাৰত পুনৰ ডাৰেন ব্ৰেভ’ক কেচ আউট কৰায়।

চাহ বিৰতিৰ পাছতেই ছাই হ’পৰ অফ ষ্টাম্প ওফৰাই ৱেষ্টইণ্ডিজৰ আশাত চেঁচাপানী ঢালে।

ইয়াৰ পাছতে বুমৰাহে জেছন হ’ল্ডাৰৰো অফ ষ্টাম্প ওফৰাই দিয়ে। এইদৰে তেওঁ চাৰিবাৰকৈ এটা ইনিংছত ৫টা বা ততোধিক উইকেট দখল কৃতিত্ব অৰ্জন কৰে।