NORTHEAST NOW (Assamese)

ভাৰতীয় শিৱিৰৰ বাবে দু:সংবাদ; এইবাৰ আঘাতৰ বাবে ব্ৰীছবেন টেষ্টৰ পৰা বাহিৰ বুমৰাহ

January 12, 2021 11:07 am · এন ই নাও নিউজ
Updated: January 12, 2021 11:31 am
যশপ্ৰীত বুমৰাহ। ফাইল ফটো।

অষ্ট্ৰেলিয়াত চলি থকা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট ছিৰিজত আঘাতে জৰ্জৰিত কৰি তুলিছে ভাৰতীয় ক্ৰিকেট দলটোক। ছিডনী টেষ্টৰ পাছতে অজিংকা ৰাহানেৰ নেতৃত্বত ভাৰতীয় দলৰ বাবে আহিছে আৰু এক দু:সংবাদ।

বিচিচিআইৰ সূত্ৰৰ উদ্ধৃতিৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি আঘাতৰ বাবে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ব্ৰীছবেনত খেলিবলগীয়া চতুৰ্থখন টেষ্টৰ পৰা বাহিৰ হৈছে যশপ্ৰীত বুমৰাহ।

ছিডনী টেষ্টৰ তৃতীয় দিনা ফাইন লেগত ফিল্ডিং কৰি থকাৰ সময়ত দলৰ ফিজিঅ’ নীতিন পেটেলৰ সৈতে বুমৰাহে তেওঁৰ পেটৰ পিনে দেখুৱাই কথা পতা দেখা গৈছিল।

খেলপথাৰৰ বাহিৰলৈ যাব বিচাৰে নেকি সেই কথাও ভাৰতীয় দলৰ মেডিকেল টীমে আলোচনা কৰিছিল যদিও বুমৰাহে সেয়া মানা কৰিছিল আৰু তাৰ পাছতো বুমৰাহে বলিং কৰি গৈছিল।

বাতৰি অনুসৰি স্কেনিং কৰাৰ পাছত বুমৰাহৰ আঘাত ধৰা পৰিছে। দেশৰ মাটিত আগন্তুক ইংলেণ্ড ছিৰিজৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় দলৰ টীম মেনেজমেন্টে আৰু ৰিস্ক ল’ব বিচৰা নাই।

ইপিনে, ব্ৰীছবেন টেষ্টৰ পূৰ্বে ভাৰতীয় শিৱিৰত আঘাতে সমস্যাৰ সৃষ্টি কৰিছে। ইতিমধ্যে, আঘাতৰ বাবে বাহিৰ হ’বলগীয়া হৈছে ৰবীন্দ্ৰ জাডেজা আৰু হনুমা বিহাৰী।

সেইদৰে আঘাতপ্ৰাপ্ত হৈ আছে ঋষভ পন্ট আৰু চেতেশ্বৰ পূজাৰাও। তাৰমাজতে বুমৰাহৰ আঘাতে স্বাভাৱিকতে ভাৰতীয় শিৱিৰত শংকাৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে আঘাতৰ বাবেই ইশান্ত শৰ্মা, মহম্মদ ছামি আৰু উমেশ যাদব বৰ্তমান দলত নাই।

Related News