NORTHEAST NOW (Assamese)
ক্ৰীড়া

সংকটত ভাৰত! টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হ’ল বুমৰাহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 29, 2022 11:05 pm
Bumrah

অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া আগন্তুক আইচিচি টি-২০ বিশ্বকাপৰ আগে আগে এক বৃহৎ আঘাত লাগিছে ভাৰতীয় শিবিৰত। বিশ্বকাপলৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত পিঠিৰ গুৰুতৰ আঘাতৰ বাবে বিশ্বকাপৰ পৰা বাহিৰ হোৱা প্ৰায় নিশ্চিত হৈ পৰিছে।

বিচিচিআইৰ এগৰাকী জ্যেষ্ঠ বিষয়াই উল্লেখ কৰা মতে বুমৰাহ আগন্তুক টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হোৱাটো প্ৰায় নিশ্চিত। পিঠিৰ আঘাতৰ বাবে বুমৰাহ প্ৰায় পাঁচ-ছয়মাহ মান ক্ৰিকেটৰ পৰা বাহিৰত থাকিব পাৰে।

উল্লেখ্য যে বুধবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথমখন মেচত বুমৰাহৰ অনুপস্থিতিৰ পাছতে চিন্তাত পৰিছিল ভাৰতীয় ক্ৰিকেট অনুৰাগী। আৰু এতিয়া বিচিচিআইৰ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ পাছত অনুৰাগীসকলৰ চিন্তা অধিক বৃদ্ধি পাইছে।

অৱশ্যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এতিয়ালৈকে এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰা নাই। কালিৰ মেচখনৰ পূৰ্বে বিচিচিআই- এ টুইটত কেৱল প্ৰথম মেচখনৰ পৰাহে বুমৰাহ বাহিৰ হৈছে বুলি উল্লেখ কৰিছিল।

যদি সঁচাকৈয়ে দলৰ বলিং আক্ৰমণৰ মূল স্তম্ভ স্বৰূপ বুমৰাহ বিশ্বকাপৰ পৰা বাহিৰ হ’বলগীয়া হয়, তেতিয়া বিশ্বকাপত নিশ্চিতভাৱে তীব্ৰ চাপত পৰিব ভাৰত। ভাৰতীয় দলৰ বলিং বিভাগত বুমৰাহৰ অভাৱ যোৱা এছিয়া কাপতে স্পষ্ট হৈ পৰিছিল।

বুমৰাহ বিশ্বকাপৰ পৰা বাদ পৰিলে টি-২০ বিশ্বকাপৰ বাবে ষ্টেণ্ডবাই তালিকাত থকা মহম্মদ ছামি আৰু দীপক চাহাৰৰ মাজৰ কোনো এগৰাকী পেচাৰক মূল দলত স্থান দিয়া হ’ব পাৰে।