NORTHEAST NOW (Assamese)
অসম

প্ৰদেশ কংগ্ৰেছৰ অ’বিচি বিভাগৰ নতুন অধ্যক্ষ হিচাপে জয়া বৰুৱাৰ দায়িত্বভাৰ গ্ৰহণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 16, 2025 7:33 pm

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অবিচি বিভাগৰ নতুন অধ্যক্ষ জয়া বৰুৱাই আজি আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে। ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত আজি বিদায়ী সভাপতি যুগল বুঢ়াগোহাঁইয়ে নতুন অধ্যক্ষ জয়া বৰুৱাক দায়িত্বভাৰ অৰ্পণ কৰে। এই অনুষ্ঠানত প্ৰাক্তন সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী পৰিচালনা কমিটিৰ অধ্যক্ষ ৰিপুন বৰা, জ্যেষ্ঠ উপ-সভাপতি মেহদী আলম বৰাো উপস্থিত থাকে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে অবিচি বিভাগৰ নতুন দায়িত্ব গ্ৰহণ কৰা জয়া বৰুৱাক আন্তৰিক অভিনন্দন জনাই আৰু বিগত সময়ছোৱাত প্ৰায় তিনিবছৰ ধৰি বিভাগটোক শক্তিশালী ৰূপত গতি দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। সভাপতি গৌৰৱ গগৈয়ে লগতে কয় যে আহি থকা বিধানসভা নিৰ্বাচনৰ বাবে দলে শক্তিশালীভাৱে কাৰ্য পৰিচালনা কৰিবৰ বাবে অবিচি বিভাগে নিজকে সক্ৰিয় কৰি তুলিব লাগিব। ইয়াৰ বাবে কৰ্মসূচী গ্ৰহণ কৰিবৰ বাবেও গগৈয়ে আহ্বান জনায়। সভাত উপস্থিত থাকি প্ৰাক্তন সাংসদ ৰিপুন বৰাই কয় যে অবিচি বিভাগটো শক্তিশালী কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বিভিন্ন জাতি-জনগোষ্ঠীৰ সঁহাৰি আৰু সমৰ্থন লাভ কৰিব।

বিচি লোকসকলক কংগ্ৰেছৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট কৰিবৰ বাবে জয়া বৰুৱাৰ নেতৃত্বত সক্ৰিয় হৈ কাম কৰিবলৈ আহ্বান জনায়। দায়িত্ব গ্ৰহণ কৰি বিভাগৰ নতুন অধ্যক্ষ জয়া বৰুৱাই জিলাসমূহৰ সকলো বিষয়ববীয়া আৰু কৰ্মীক নতুন উদ্যমেৰে কাম কৰিবলৈ আহ্বান জনায়। সভাত ৰাজ্যখনৰ বিভিন্ন জিলাৰ অ’বিচি বিভাগৰ জিলাৰ অধ্যক্ষসকল উপস্থিত থাকে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ নেত্ৰী বালিকা লাহন পেগু, জ্যেষ্ঠ নেতা ঋতুপৰ্ণ কোঁৱৰ, উদিত ভানু দাস, শান্তনু বৰা উপস্থিত থাকে। সভাখনৰ আঁত ধৰে মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই।