NORTHEAST NOW (Assamese)

‘দিছপুৰত বিজেপি প্ৰাৰ্থী অতুল বৰাৰ নাম-গোন্ধ নোহোৱা কৰি দিম’— জয়ন্ত দাসৰ হুংকাৰ

March 15, 2021 11:38 am · এন ই নাও নিউজ
Updated: March 15, 2021 3:13 pm

অসমৰ এটা অতি গুৰুত্বপূৰ্ণ সমষ্টি দিছপুৰ সমষ্টিত এইবাৰো বিজেপিয়ে বৰ্তমানৰ বিধায়ক অতুল বৰাকে প্ৰাৰ্থিত্ব প্ৰদান কৰাত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সমষ্টিটোত দীৰ্ঘদিনৰে পৰা প্ৰাৰ্থিত্বৰ দাবীদাৰ জয়ন্ত দাসক এইবাৰো বিজেপিয়ে দলীয় টিকটৰ পৰা বঞ্চিত কৰাত স্বাভাৱিকতে ক্ষুদ্ধ হৈ পৰিছে পুৰণি বিজেপি কৰ্মীগৰাকী।

বিজেপিয়ে যেতিয়া অসমত  ভালদৰে ঠন ধৰি উঠিব পৰা নাছিল সেই সময়ৰে পৰাই গেৰুৱা দলটোৰ হৈ কাম কৰি অহা জয়ন্ত দাসক টিকটৰ পৰা বঞ্চিত কৰাৰ প্ৰসংগত দাসে কয়—‘ কি মোহিনী শক্তিৰ জৰিয়তে অতুল বৰাই পুনৰ প্ৰাৰ্থিত্ব লাভ কৰিলে সেয়াহে ৰহস্যৰ বিষয়। মই বিগত ৩০ বছৰ ধৰি বিজেপিৰ বাবে কাম কৰি আহিছো। ইয়াৰে ২০ টা বছৰইে মই দিছপুৰ সমষ্টিত দেহে-কেহে খাটি সেৱা আগবঢ়াই আহিছো। ইমনাৰ পিছতো দলে মোক এইবাৰো টিকটৰ পৰা বঞ্চিত কৰাত মই আঘাত পাইছো’।

দলৰ পৰা পদত্যাগ কৰাৰ সম্ভাৱনা একপ্ৰকাৰ নুই কৰিও জয়ন্ত দাসে কয় যে ৰাইজে যদি বিচাৰে তেন্তে তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাবে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে।

অতুল বৰাক এজন অপদাৰ্থ বিধায়ক আখ্যা দি জয়ন্ত দাসে কয় যে সমষ্টিৰ উন্নয়নত অতুল বৰা পুৰা মাত্ৰাই ব্যৰ্থ হৈছে। বিধায়কগৰাকীয়ে আনকি বনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকী  বিধায়কক এমাহৰ দৰমহা দান কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতিও সঁহাৰি নজনোৱা বুলি জয়ন্ত দাসে মন্তব্য কৰে।

দাসে কয়—‘ ১২৬ গৰাকী বিধায়কৰ ভিতৰত মাত্ৰ এজন বিধায়কেই অসমৰ বানপীড়িতৰ বাবে এমাহৰ দৰমহা গ্যাগ নকৰিলে, তেওঁ হৈছে অতুল বৰা’।

দিছপুৰ সমষ্টিত এইবাৰ অতুল বৰাৰ নাম-গোন্ধ নোহোৱা কৰি পেলোৱা হ’ব বুলিও বিজেপিৰ অতি পুৰণি নেতা জয়ন্ত দাসে হুংকাৰ দিয়ে।

উল্লেখ্য এইবেলি জয়ন্ত দাসকে বিজেপিয়ে দিছপুৰ সমষ্টিত টিকট দিব বুলি আশা কৰিছিল যদিও সময়ত সকলো অংক ওলোট-পালট কৰি অতুল বৰাকে সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিচাবে ঘোষণা কৰা হ’ল।

Related News