NORTHEAST NOW (Assamese)
Popular Stories

জুবিন গাৰ্গক প্ৰতিভা প্ৰকাশৰ মঞ্চ দিছিল জয়ন্ত মল্লবৰুৱাই! মন্ত্ৰীৰ দাবীত নেটিজেনৰ মাজত হাঁহিৰ খোৰাক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 7, 2025 1:23 pm

বঙাইগাঁৱৰ অভয়াপুৰী মহাবিদ্যালয়ত অনুষ্ঠিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পশ্চিম মণ্ডল আন্তঃ মহাবিদ্যালয়, যুৱ মহোৎসৱৰ মুকলি সভাত উপস্থিত থাকি বিশেষ মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱা।

শনিবাৰে নিশা যুৱ মহোৎসৱৰ মুকলি সভাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শিল্পী জুবিন গাৰ্গ সন্দৰ্ভত কৰিলে বৃহৎ মন্তব্য। জুবিনক সংগীতৰ ‘প্লেটফৰ্ম দিছিল বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

ভাষণ প্ৰসংগত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে, ‘‘জুবিন গাৰ্গক মই প্ৰথমবাৰৰবাবে আৱিষ্কাৰৰ কৰিছিলোঁ। আৰু তেওঁক যুৱ মহোৎসৱলৈ লৈ গৈছিলোঁ।’’

মন্ত্ৰী মল্লবৰুৱাৰ মতে, তেওঁ বি বৰুৱা কলেজৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰোঁতেই জুবিনৰ প্ৰতিভাৰ উমান পাইছিল। জয়ন্ত মল্লবৰুৱাই কয়, ‘‘এইজন জুবিন গাৰ্গক আজি অসমৰ ৰাইজে ইমান মৰমেৰে চায়, সেইজন জুবিন গাৰ্গক মই বি বৰুৱা কলেজৰ সাধাৰণ সম্পাদক হিচাপে প্ৰথমবাৰৰ কাৰণে আৱিষ্কাৰ কৰিছিলোঁ আৰু তেওঁক গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱলৈ লৈ গৈছিলোঁ।’’

মন্ত্ৰীগৰাকীয়ে পুনৰ কয়, ‘‘আৰু সেই যুৱ মহোৎসৱতে ১৯৯১ চনত জুবিন গাৰ্গে পশ্চিমীয়া প্ৰথমটো সোণৰ পদক পাইছিল। সেই জুবিন গাৰ্গক তেতিয়া কোনেও চিনি নাপায়। তেতিয়া তেওঁ কলেজীয়া ছাত্ৰ। মই কলেজখনৰ সাধাৰণ সম্পাদক। কলেজখনত দেখি থাকো। গান গাই। চুলি দীঘল। মই ভাবিছিলোঁ ই ভাল ৱেষ্টাৰ্ণ ভকেল গাব। আৰু মই ৱেষ্টাৰ্ণ ভকেল গোৱাবলৈ গুৱাহাটী বিশ্ববিদ্যালয়লৈ লৈ গৈছিলোঁ জুবিনক। সেয়াই আছিল সংগীতশিল্পী হিচাপে জুবিন গাৰ্গৰ প্ৰথমটো ৰাজহুৱা চিনাকি।’’