NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় এন এছ এছ দিৱস উপলক্ষে বোকাখাতত জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ক’ৰ’না সজাগতাৰ উদ্দেশ্যে বাটৰ নাট প্ৰদৰ্শন 

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া September 24, 2020 4:52 pm

আজি ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ দিৱসৰ লগত সংগতি ৰাখি বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ গোটে বোকাখাত নগৰত ক’ৰ’না ভাইৰাচৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে বাটৰ নাট প্ৰদৰ্শন কৰে ৷

আজি ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ দিৱসৰ বাবে ৰাতিপুৱা মহাবিদ্যালয়ৰ প্ৰাংগনত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ পতাকা উত্তোলন কৰি ছাত্ৰ-ছাত্ৰী সকলে বোকাখাত নগৰৰ দৈনিক বজাৰ, চাৰি আলি আৰু বোকাখাতৰ ৰাজ্যিক পৰিবহন নিগমৰ সমীপত ক’ৰ’না ভাইৰাচৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ল’ব লগা সাৱধানতাৰ ওপৰত বাটৰ নাট প্ৰদৰ্শন কৰে ৷

বাটৰ নাটৰ উপৰিও ছাত্ৰ ছাত্ৰী সকলে মাক্স পৰিধান আৰু সামাজিক দূৰত্ব অটুত ৰাখিবলৈ জনসাধাৰণক আহ্বান জনায়।

মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে অনুষ্ঠানত উপস্থিত জনসাধাৰণৰ মাজত মাক্সো বিতৰণ কৰে ৷

জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ আজিৰ কাৰ্যসূচী পৰিচালনা কৰে আঁচনিৰ সমন্বয়ক প্ৰবক্তা প্ৰশান্ত ফুকন আৰু প্ৰশান্ত শইকীয়াই ৷