NORTHEAST NOW (Assamese)

JEE Advanced ২০২১ ৰ এডমিট কাৰ্ড মুকলি

September 26, 2021 12:23 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 26, 2021 12:35 pm

শনিবাৰে নিশা মুকলি কৰা হৈছে JEE Advanced ২০২১ ৰ এডমিট কাৰ্ড।

পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাৰ্থীসকলে jeeadv.ac.in আৰু cportal.jeeadv.ac.in ৱেবচাইটৰ পৰা নিজৰ এডমিট কাৰ্ড সমূহ ডাউনলোড কৰিব পাৰিব।

এডমিট কাৰ্ড ডাউনলোডৰ শেষ সীমা ৩ অক্টোবৰ ধাৰ্য কৰা হৈছে।

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান(IIT) ত প্ৰৱেশৰ বাবে JEE Advanced পৰীক্ষা অনুষ্ঠিত কৰা হয়।

 

JEE Main ২০২১ত উত্তীৰ্ণ হোৱা তথা ২,৫০,০০০ পাৰ্থীৰ মাজত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে JEE Advanced পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব।

অৱশ্যে বিদেশৰ পৰীক্ষাৰ্থীসকলে পোনপটীয়াভাৱে এই পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব। ইয়াৰ বাবে তেওঁলোকে অন্যান্য যোগ্যতাৰ চৰ্তসমূহ পূৰণ কৰিব লাগিব।

উল্লেখ্য যে ক’ভিদ মহামাৰীৰ পৰিপ্ৰেক্ষিতত JEE Advanced ২০২০ ত পৰীক্ষাত বহিব নোৱাৰা পৰীক্ষাৰ্থীসকলেও এই বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব।

Related News