NORTHEAST NOW (Assamese)
অসম

জেনবাৰ্ট ফাৰ্মাই কোভিড ৰোগীৰ চিকিৎসাৰ বাবে মুকলি কৰিলে ৩৯ টকীয়া টেবলেট ‘ফেভিপিৰাভিৰ’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 25, 2020 8:43 am

কোভিড-১৯ৰ সাধাৰণ লক্ষণযুক্ত ৰোগী সকলৰ চিকিৎসাৰ বাবে জেনবাৰ্কট ফাৰ্মাচিউটিকেলে ফেভিপিৰাভিৰ নামৰ ভাইৰাছ প্ৰতিৰোধী এবিধ ঔষধ বজাৰত মুকলি কৰিছে।

জেনবাৰ্ট ফাৰ্মাচিউটিকেলে বজাৰত মুকলি কৰা ফেভিপিৰাভিৰ নামৰ টেবলেট বিধৰ প্ৰতিটো টেবলেটৰ মূল্য হ’ব ৩৯ টকা।

নতুনকৈ মুকলি কৰা এই টেবলেট ১০ টাকৈ থকা পেকেটত ২০০ মিলিগ্ৰামত উপলব্ধ হ’ব।

তেলেংগানাত থকা ফাৰ্মাচিউটিকেল প্ৰতিষ্ঠানত কোভিড-১৯ৰ চিকিৎসাত ব্যৱহৃত হোৱা টেবলেট বিধ প্ৰস্তুত কৰি উলিওৱা হৈছে।

আনহাতে, শুকুৰবাৰৰ পৰা ভাৰতত ভাৰত বায়োটেক, আই চি এম আৰ আৰু নেশ্যনেল ইষ্টিটিউট অফ ভাইৰোল’জিয়ে সন্মিলিতভাৱে প্ৰস্তুত কৰি উলিওৱা দেশৰ প্ৰথমটো কোভিড-১৯ ভেকচিন কোভাক্সিনৰ পৰীক্ষামূলকভাৱে মানৱ দেহত পৰীক্ষণ আৰম্ভ হৈছে.

দিল্লী এইমছৰ এগৰাকী ৩০ বছৰীয়া স্বেচ্ছাসেৱকৰ দেহত প্ৰথমবাৰৰ বাবে এই ভেকচিন প্ৰয়োগ কৰা হৈছে।