NORTHEAST NOW (Assamese)

১২জনক যাৱজ্জীৱন কাৰাদণ্ডেৰে ঝংকাৰ শইকীয়াৰ হত্যাকাণ্ডৰ শাস্তি ঘোষণা আদালতৰ

February 28, 2020 5:20 pm · এন ই নাও নিউজ

ডিফু সত্ৰ ন্যায়াধীশৰ আদালতে চাঞ্চল্যকৰ ঝংকাৰ শইকীয়াৰ হত্যাকাণ্ডত জড়িত অপৰাধীসকলৰ আজি শাস্তি ঘোষণা কৰিছে।

দোষী সাব্যস্ত হোৱা ১২জন অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিছে আদালতে।

এওঁলোক হ’ল- বিশ্বজিৎ হান্সে, চৰচিং টেৰন, ৰবিনচন টেৰন, সঞ্জয় ৰংফাৰ, বিক্ৰম তিছো, এনুছ তিমুং, লংচিং টেৰন, বিনং টেৰাং, চাৰলংবি টেৰাং, ফিলিপচন তাৰো, হিতেশ ৰাভা আৰু মংগলচিং ৰংফাৰ।

এটা ৭ বছৰীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত যোৱা ২৪ ফেব্ৰুৱাৰিত আদালতখনে এইকেইজনক দোষী সাব্যস্ত কৰিছিল।

আটাইকেইজনক ভাৰতীয় দণ্ডবিধিৰ ১৪৭, ৩৪১, ৩২৩, ৩০২ আৰু ১৪৯ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰা হয়।

উল্লেখযোগ্য যে ২০১৩ চনৰ ২৫ জুনত ডিফু চহৰত সংঘটিত গোটেই ৰাজ্য কঁপাই যোৱা ঘটনাটোত আৰক্ষীয়ে তদন্ত চলাই দুজন আৰক্ষীৰ লোককে ধৰি মুঠ ১৬জনক অভিযুক্ত কৰিছিল

প্ৰমাণৰ অভাৱত আদালতে ৪জনক দোষমুক্ত ঘোষণা কৰে।

ইফালে শাস্তিৰ ৰায়ক লৈ বিপক্ষৰ অধিবক্তা সন্তুষ্ট নহয় বুলি জানিবলৈ দিছে। অধিবক্তা মানস শৰণীয়াই এই ৰায়ক প্ৰত্যাহ্বান জনাবলৈ উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ কথা প্ৰকাশ কৰে।

Related News