NORTHEAST NOW (Assamese)
অসম

ছিকিমত আৱদ্ধ ঝাৰখণ্ডৰ প্ৰব্ৰজিত শ্ৰমিক ঘৰমুৱা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 13, 2020 8:50 am

দক্ষিণ ছিকিমত আৱদ্ধ হৈ থকা ঝাৰখণ্ডৰ ষোল্ল গৰাকী প্ৰব্ৰজিত শ্ৰমিকক মঙলবাৰে নিজ ৰাজ্যলৈ ঘৰমুৱা যাত্ৰা আৰম্ভ কৰে।

ছিকিম বিশ্ববিদ্যালয়ত চলি থকা নিৰ্মাণ কাৰ্য্যৰ সৈতে জড়িত থকা এই সকল শ্ৰমিক সকলৰ ঘৰ ঝাৰখণ্ডৰ দেওঁঘৰ আৰু গিৰিদি জিলাত।

জানিব পৰা, প্ৰথম পৰ্যায়ৰ ল’কডাউনৰ সময়ৰ পৰাই এইসকল শ্ৰমিক ছিকিমত আৱদ্ধ হৈ আছিল আৰু তেওঁলোকে নিজৰ ৰাজ্যলৈ উভতি যোৱাৰ বাবে ব্যাকুল হৈ পৰিছিল।

দক্ষিণ ছিকিমৰ য়ানগাঙৰ মহকুমা দণ্ডাধীশ গ্যাটছো ভূটীয়াই উল্লেখ কৰা মতে, ৰাজ্যখনৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰই ব্যৱস্থা কৰি দিয়া বাছত সম্পূৰ্ণ কোভিড-১৯-ৰ নিৰ্দেশনাৱলী পালন কৰি শ্ৰমিক সকলক নিজ নিজ ৰাজ্যলৈ পঠোৱা হৈছে।

বিভাগীয় কৰ্তৃপক্ষৰ পৰা অনুমতি লাভ কৰাৰ পাছতে দক্ষিণ ছিকিম জিলাই প্ৰয়োজনীয় প্ৰব্ৰজিত শ্ৰমিক সকলক নিজ নিজ ৰাজ্যলৈ ওভটাই পঠোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে।

আনহাতে, নিজ ৰাজ্যলৈ উভতি যাবলৈ পোৱা শ্ৰমিক সকলে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ প্ৰতি সন্তোষ ব্যক্ত কৰাৰ লগতে ছিকিম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।