NORTHEAST NOW (Assamese)
Popular Stories

বন্ধুত্বৰ নিদৰ্শন! ক’ভিডত আক্ৰান্ত বন্ধুক অক্সিজেন যোগান ধৰিবলৈ ২৪ ঘণ্টাত হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰিলে এজন লোকে, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 28, 2021 9:54 pm

বন্ধুত্বৰ এক বিৰল নিদৰ্শন দাঙি ধৰিলে ঝাৰখণ্ডৰ এজন লোকে।

দেৱেন্দ্ৰ কুমাৰ শৰ্মা নামৰ ৰাঁচীনিবাসী লোকজনৰ এজন বন্ধু ক’ভিড পজিটিভ হয়।

ৰাজন নামৰ বন্ধুজনে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত বাস কৰে।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুযায়ী ২৪ এপ্ৰিল তাৰিখে দেৱেন্দ্ৰই তেওঁৰ এজন বন্ধু সঞ্জয় সাক্সেনাৰ পৰা এটা জৰুৰী ফোনকল পায়।

ফোনকলটোত সাক্সেনাই জনায় যে তেওঁলোকৰ বন্ধু ৰাজন ক’ভিড পজিটিভ হৈছে আৰু অতিশীঘ্ৰে অক্সিজেন যোগান ধৰাৰ প্ৰয়োজন।

২৪ ঘণ্টাৰ ভিতৰত অক্সিজেন লাভ নকৰিলে বন্ধুজনে অকাল মৃত্যুক সাৱটি ল’ব বুলি সাক্সেনাই কয়।

তদুপৰি ৰাজনৰ বন্ধুবৰ্গ আৰু পৰিয়ালেও পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন যোগান ধৰিব পৰা নাই।

ফোন কলটোৰ পাছতে দেৱেন্দ্ৰই বাইকেৰে ৰাতি ৰাঁচীৰ পৰা বকাৰো (Bokaro) নামৰ ঠাইখনলৈ যাত্ৰা কৰে।

ৰাঁচীৰ পৰা ১৫০ কিলোমিটাৰ নিলগৰ বকাৰোতে ৰাজন আৰু তেওঁ একেলগে ডাঙৰ দীঘল হৈছলি।

বকাৰোত অক্সিজেন চিলিণ্ডাৰ বিচাৰি হাবাথুৰি খায় দেৱেন্দ্ৰ।

অশেষ বিচাৰ খোচাৰ কৰাৰ অন্তত ‘ঝাৰখণ্ড গেছ প্লেণ্ট’ৰ স্বত্বাধিকাৰ ৰাকেশ কুমাৰ গুপ্তাৰ স’ত যোগাযোগ কৰ।

গুপ্তাই দেৱেন্দ্ৰৰ বন্ধুজনৰ কথা জানিব পাৰি বিনামূলীয়াকৈয়ে অক্সিজেন চিলিণ্ডাৰসমূহ যোগান ধৰে।

অক্সিজেন চিলিণ্ডাৰসমূহ পোৱাৰ পাছতো দেৱেন্দ্ৰৰ সমুখত পৰি ৰ’ল ১,৩০০ কিলোমিটাৰ বাট।

বন্ধুজনে বাস কৰা গাজিয়াবাদলৈ হাজাৰ কিলোমিটাৰ বাট তেওঁ ২৪ ঘণ্টাৰ ভিতৰতে অতিক্ৰম কৰিব লাগিব!

কঠিন প্ৰত্যাহ্বানৰ স’তে মোকাবিলা কৰিবলৈ তেওঁ এজন চিনাকি লোকৰ পৰা এখন কাৰ (car) খোজে।

কাৰখনেৰে তেওঁ বিহাৰৰ বৈশালী নামৰ ঠাইখনলৈ ২৫ এপ্ৰিল তাৰিখে যাত্ৰা কৰে।

২৪ ঘণ্টাৰ ভিতৰত তেওঁ বৈশালী পায়।

সমগ্ৰ যাত্ৰাটোত তেওঁক আৰক্ষীৰ নিৰীক্ষণ চকীসমূহত অক্সিজেন চিলিণ্ডাৰসমূহৰ বিষয়ে প্ৰশ্ন কৰা হয়।

দেৱেন্দ্ৰই সকলো কথা বিৱৰি কয়।

যথাসময়ত দেৱেন্দ্ৰই তেওঁৰ প্ৰিয় বন্ধু ৰাজনৰ কাষত উপস্থিতি হয় আৰু অক্সিজেন লাভ কৰে।

বৰ্তমান ৰাজন সুস্থ হৈ উঠিছে।