যৌন কামনা চৰিতাৰ্থ কৰিব নোৱাৰি প্ৰেমিকে জ্বলাই দিলে ১৫ বছৰীয়া প্ৰেমিকাক

যোগী আদিত্যনাথৰ ৰাজ্যত নাৰী মুঠেও সুৰক্ষিত নহয় সেই কথা বাৰে বাৰে প্ৰমাণ হৈ আহিছে।
প্ৰায় প্ৰতিদিনে বলাৎকাৰৰ ঘটনা সংঘটিত হোৱা উত্তৰ প্ৰদেশত এইবাৰ এজন ভণ্ড প্ৰেমিকে তেওঁৰ ১৫ বছৰীয়া প্ৰেমিকাক জ্বলাই দিয়াৰ ঘটনা পুনৰ ৰাজ্য খনৰ বিবেকবান লোকসকলৰ মন-মগজু জোকাৰি গৈছে।
উত্তৰ প্ৰদেশৰ বালিয়া জিলাত কৃষ্ণ গুপ্তা নামৰ ২১ বছৰীয়া যুৱক জনে তেওঁৰ ১৫ বছৰীয়া প্ৰেমিকাৰ সৈতে বলপূৰ্বক যৌন সম্পৰ্ক স্থাপন কৰিব বিচাৰে।
কিন্তু কণমানি প্ৰেমিকাই যুৱক জনক এই কাৰ্যত বাধা দিয়াত খঙত অগ্নিশৰ্মা হৈ পৰে কৃষ্ণ।
প্ৰেমিকাক বলাৎকাৰ কৰিবলৈ উদ্যত হোৱা যুৱক জনে এইবাৰো বিফল হৈ হিতাহিত জ্ঞান হেৰুৱাই পেলায় আৰু কণমানি প্ৰেমিকাৰ ওপৰত প্ৰতিশোধ ল’বলৈ চেগ বুজি থাকে।
প্ৰেমিকাক অকলশৰীয়াকৈ পাই প্ৰেমিক কৃষ্ণই প্ৰেমিকাৰ দেহত কেৰাচিন তেল ঢালি জুই লগাই দিয়ে।
অতি সংকটজনক অৱস্থাত ছোৱালীজনীক স্থানীয় ৰাইজে উদ্ধাৰ কৰি বালিয়াৰ চিকিৎসালয়ত ভৰ্তি কৰে।
সম্প্ৰতি চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজি আছে কণমানি ছোৱালী জনীয়ে। ইপিনে ছোৱালী জনীৰ পৰিয়ালে বালিয়াৰ দুভৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভণ্ড প্ৰেমিক কৃষ্ণ গুপ্তাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
যুৱক জনৰ বিৰুদ্ধে পস্ক’ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি দুভৰ আৰক্ষী থানাৰ বিষয়া অনিল চন্দ্ৰ তিৱাৰীয়ে প্ৰকাশ কৰিছে।