NORTHEAST NOW (Assamese)
অসম

অসম চৰকাৰৰ নতুন মুখ্য সচিব হ’ব জিষ্ণু বৰুৱা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 30, 2020 1:35 pm

অসম চৰকাৰৰ নতুন মুখ্য সচিব হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব জিষ্ণু বৰুৱাই।

শুকুৰবাৰে জিষ্ণু বৰুৱাক অসম চৰকাৰৰ নতুন মুখ্য সচিব হিচাপে নিযুক্তি প্ৰদান কৰা হয়।

অসম চৰকাৰৰ মুখ্য সচিৱ হিচাপে নিযুক্তি লাভ কৰাৰ পূৰ্বে গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল বৰুৱাই।

বৰ্তমানৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ অৱসৰৰৰ পাছতেই মুখ্য সচিবৰ দায়িত্বভাৰ গ্ৰহণ কৰিব জিষ্ণু বৰুৱাই।

জিষ্ণু বৰুৱা ১৯৮৮ চনৰ অসম-মেঘালয় কেডাৰৰ আই এ এছ আছিল।