NORTHEAST NOW (Assamese)
দেশ

শ্ৰীনগৰ এনকাউণ্টাৰৰ তদন্ত ঘোষণা জম্মু-কাশ্মীৰ প্ৰশাসনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 18, 2021 3:46 pm
J&K Orders Probe Into Srinagar Encounter

জম্মু আৰু কাশ্মীৰ প্ৰশাসনে শ্ৰীনগৰৰ হাইদৰপোৰাত দুজন ব্যৱসায়ী নিহত হোৱা আৰক্ষীৰ এক বিতৰ্কিত এনকাউণ্টাৰৰ দণ্ডাধীশ তদন্তৰ নিৰ্দেশ দিছে। এজন অতিৰিক্ত জিলা দণ্ডাধীশে বিতৰ্কিত আৰক্ষী অভিযানটোৰ তদন্ত কৰিব।

“আমি পৰিয়ালবোৰৰ দাবীবোৰ চোৱা-চিতা কৰিম। যদি কিবা ভুল হৈছে তেন্তে আমি সংশোধন কৰিবলৈ চেষ্টা কৰিম। আৰক্ষীৰ তদন্তত কি ভুল হৈছে সেয়াও জানিব পৰা যাব।” জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে সংবাদ মাধ্যমৰ আগত কয়।

“হাইদৰপোৰা এনকাউণ্টাৰত কি ঘটিছিল আমি বিচাৰি উলিয়াম। আমি মানুহৰ সুৰক্ষাৰ বাবে নিয়োজিত আৰু তদন্তৰ পৰা আঁতৰি নাযাম।” সিঙে লগতে কয়।

জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰৰ কাৰ্যালয়ে এক টুইটৰ যোগে কয় যে কোনো যাতে অন্যায় নহয়, তাৰ নিশ্চয়তা প্ৰদান কৰা হ’ব।

“হাইদৰপোৰা এনকাউণ্টাৰত ADM পদবীৰ বিষয়াৰ দ্বাৰা দণ্ডাধীশ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। সময়সীমাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ লগে লগে চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব। জম্মু-কাশ্মীৰ প্ৰশাসনে নিৰীহ নাগৰিকসকলৰ জীৱন সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি পুনৰাবৃত্তি কৰে আৰু ই নিশ্চিত কৰিব যে কোনো অন্যায় নহয়।” উপ ৰাজ্যপালৰ কাৰ্যালয়ে টুইট কৰে।

 

উল্লেখ্য যে, সোমবাৰে হাইদৰপোৰাত এক বিতৰ্কিত সন্ত্ৰাসবাদী বিৰোধী অভিযানৰ সময়ত ব্যৱসায়ী আলতাফ ভাট আৰু দন্ত শল্য চিকিৎসক মুদাছিৰ গুল নিহত হয়। আৰক্ষীয়ে প্ৰথমতে দাবী কৰিছিল যে তেওঁলোকক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল, কিন্তু পিছত কৈছিল যে তেওঁলোক ক্ৰছফায়াৰত নিহত হ’ব পাৰে। আৰক্ষীয়ে দুয়োজন লোক সন্ত্ৰাসবাদী সহযোগী আছিল বুলি অভিযোগ কৰিছিল।

কিন্তু এই অভিযোগটোৱে নিহত ব্যক্তি দুজনৰ পৰিয়ালৰ লগতে একাংশ লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। তেওঁলোকে এই অভিযোগ খণ্ডন কৰিছিল আৰু ভাট আৰু গুলক নিৰ্দোষী বুলি দাবী কৰি ন্যায়ৰ দাবী কৰিছিল।

তেওঁলোকে অভিযোগ কৰিছে যে আলতাফ ভাট আৰু মুদাছিৰ গুলক আমিৰ মাগ্ৰেৰ দৰেই ভুৱা অভিযোগত শীতল মস্তিষ্কৰে পৰিকল্পিতভাৱে হত্যা কৰা হৈছে। উল্লেখ্য যে, মাগ্ৰেক আৰক্ষীয়ে ‘হাইব্ৰিড সন্ত্ৰাসবাদী’ বুলি অভিহিত কৰিছিল আৰু এক এনকাউণ্টাৰত তেওঁ নিহত হৈছিল।

আমিৰ মাগ্ৰেৰ পিতৃ আব্দুল লাটিফ মাগ্ৰেয়ে অভিযোগ কৰিছে যে তেওঁৰ পুত্ৰক এক ভুৱা এনকাউণ্টাৰত হত্যা কৰা হৈছিল।

আব্দুল লাটিফ মাগ্ৰেক ৰাজহুৱাভাৱে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তীব্ৰ ভাৱে সৰৱ হোৱা ব্যক্তি হিচাপে জনা যায়। তেওঁ ৰামবান জিলাৰ এখন দূৰৱৰ্তী গাঁৱত বাস কৰে। তেওঁ ২০০৫ চনত এজন সন্ত্ৰাসবাদীক শিলেৰে হত্যা কৰাৰ পিছত শিৰোনাম দখল কৰিছিল আৰু ভাৰতীয় সেনাৰ প্ৰশংসাপত্ৰ লাভ কৰিছিল।

তাৰ পিছতো মাগ্ৰেক সন্ত্ৰাসবাদীৰ সৈতে জড়িত বুলি অভিযোগ কৰাটো সন্দেহৰ আৱৰ্তত সোমাই পৰিছে।