NORTHEAST NOW (Assamese)
অসম

নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি বিডেনৰ ঘোষণা ‘মই সকলো আমেৰিকাবাসীৰ প্ৰেছিডেন্ট’; কি অৱস্থা ট্ৰাম্পৰ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 8, 2020 7:09 am
2020-election-day-4-14-joe-biden-ap-jc-201106_1604721210868_hpMain_16x9_608

‘আমেৰিকাবাসীয়ে দেশখন চলাবলৈ মোক নিৰ্বাচিত কৰাৰ বাবে মই ধন্য হৈছো। কামটো নিশ্চয় সহজ নহয়। কিন্তু মই প্ৰতিশ্ৰুতি দিছো মই সকলোৰে প্ৰেছিডেন্ট হ’ম।‘ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি ডেম’ক্ৰেট জো বিডেনে বিজয়ী হোৱাৰ পাছতে এইদৰে ঘোষণা কৰিছে।

‘যিসকলে মোক ভোট দিছে আৰু দিয়া নাই মই সকলোৰে প্ৰেছিডেন্ট। মোৰ ওপৰত আপোনালোকে যি বিশ্বাস দেখুৱাইছে সেয়া মই ৰাখিমেই,’-বিডেনে লগতে কয়।

দেশখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাটো নিশ্চিত হৈ পৰাৰ পাছতেই এটা টুইটযোগে বিডেনে এইদৰে আমেৰিকাবাসীক আশ্বস্ত কৰে। ইয়াৰ লগতে তেওঁ এটা ভিডিঅ’ও প’ষ্ট কৰে।

পেনছিলভেনিয়াৰ ফলাফল ঘোষণাৰ পাছতেই জো বিডেনৰ বিজয় নিশ্চিত হৈ পৰে। ইয়াৰ পাছতে ছচিয়েল মিডিয়াত শুভেচ্ছাৰ জোৱাৰ উঠে।

https://twitter.com/JoeBiden/status/1325118992785223682

আনহাতে, ডোনাল্ড ট্ৰাম্পক লৈ ছচিয়েল মিডিয়াত কৌতুকৰ জোৱাৰ উঠিছে। নেটিজেনসকলে একপ্ৰকাৰ তেওঁক ‘জোকাৰ’ত পৰিণত কৰি তোলে।

আনকি ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ সময়ত ট্ৰাম্পে স্বামী বিবেকানন্দক উচ্চাৰণ কৰা ‘বিবেকামুনন্দ’ শব্দটোৰ খেও ধৰি বহুতেই তেওঁক ইতিকিং কৰিবলৈকো নাপাহৰিলে।

অৱশ্যে, শনিবাৰে নিৰ্বাচনত হাৰিও ছচিয়েল মিডিয়াত ট্ৰেণ্ডিঙত থাকিল ডোনাল্ড ট্ৰাম্প। যদিও সেয়া তেওঁৰ খেয়ালী মন্তব্যসমূহৰ বাবেহে।

বাতৰি অনুসৰি, এতিয়াও পৰাজয় স্বীকাৰ কৰিবলৈ মান্তি নোহোৱা ডোনাল্ড ট্ৰাম্পে আদালতৰ মজিয়াত ‘ন্যায়’ বিচাৰি দ্বাৰস্থ হ’ব।