NORTHEAST NOW (Assamese)
অসম

আই আই টিত উচ্চ শিক্ষা গ্ৰহণৰ বাবে নিৰ্বাচিত ভাৰ্গৱ প্ৰতীম নাথক যোগী সন্মিলনীৰ অভিনন্দন

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও October 18, 2021 3:56 pm

বঙাইগাঁও জিলা যোগী সন্মিলনীয়ে আই আই টিত উচ্চ শিক্ষা গ্ৰহণৰ বাবে নিৰ্বাচিত হোৱা ভাৰ্গৱ প্ৰতীম নাথক অভিনন্দন জনায় ৷

এই উপলক্ষে জিলা যোগী সন্মিলনীৰ সভাপতি গিৰিন্দ্ৰ চন্দ্ৰ নাথ ,সম্পাদক মহেশ নাথ ,মুখ্য উপদেষ্টা নিৰ্মল নাথ ,উপদেষ্টা ডাঃ পুলিন চন্দ্ৰ নাথৰ লগতে সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়াই ছাত্ৰগৰাকীৰ গৃহত উপস্থিত হৈ অভিনন্দন পত্ৰ আৰু গামোচাৰে অভিনন্দন জনায় ৷

লগতে ছাত্ৰগৰাকীৰ ভৱিষ্যৎ উজ্বল কামনা কৰে ৷

Latest News:ধুবুৰীত এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত গুৰুতৰ ভাবে আহত ড্ৰাগছ সৰবৰাহকাৰী

উল্লেখ্য যে বঙাইগাঁৱৰ পৰেশ চন্দ্ৰ নাথ আৰু ঊষা নাথৰ পুত্ৰ ভাৰ্গৱে এইবেলি বাচনি পৰীক্ষাত ৩১৭৭ নং ৰেংকিং( অবিচি ) লাভ কৰি আই আই টি ত অধ্যয়ণৰ বাবে যোগ্যতা অৰ্জন কৰিছে ৷

ভাৰ্গৱে ২০১৯ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শতকৰা ৯৪ শতাংশ নম্বৰ লাভ কৰাৰ বিপৰীতে চলিত ২০২১ বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শতকৰা ৯৬. ২ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছিল ৷