NORTHEAST NOW (Assamese)
Popular Stories

জনি ডেপে পৰিচালনা কৰিব চিনেমা ‘মোদি’! থাকিব কিংবদন্তি অভিনেতা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 14, 2023 1:10 pm

সম্পূৰ্ণ ২৫ বছৰৰ পাছত পুনৰ পৰিচালক হিচাপে ঘূৰি আহিছে হলিউডৰ অভিনেতা জনি ডেপ। ইটালীৰ শিল্পী আমেডিও মোডিগিলানিৰ বায়’পিকখনৰ নাম দিয়া হৈছে ‘মোদি’। মোদিগিলানিৰ পৰা চমুকৈ ‘মোদি’। শিল্পীগৰাকী বন্ধুমহলত এই নামেৰেই পৰিচিত আছিল।

পৰিচালক হিচাপে আঢ়ৈ দশক কাম কৰাৰ পিছত পুনৰ উভতি আহিছে জনিয়ে।

ছবিখনত বিভিন্ন চৰিত্ৰত অভিনয় কৰা শিল্পীসকলৰ নামো ঘোষণা কৰিছে পৰিচালকগৰাকীয়ে। ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিব কিংবদন্তি অভিনেতা আল পেচিনোৱে।

লগতে পঢ়ক: কৰ্ণাটকত কংগ্ৰেছৰ চাণক্য কোন এই সুনীল? একালৰ প্ৰশান্ত কিশোৰৰ সহযোগী এতিয়া চৰ্চাত

জানিব পৰা মতে, ইটালীৰ অভিনেতা ৰিকাৰ্ডো স্কামাৰ্চিঅ’ই মোদিৰ চৰিত্ৰত অভিনয় কৰিব। ‘জন উইক: চেপ্টাৰ ২’, ‘দ্য বেষ্ট অৱ ইউথ’ আৰু ‘ল’ৰ’ ছবিত তেওঁৰ অভিনয়ে দৰ্শকৰ মনত এটা সাঁচ বহুৱাই থৈ গৈছে।

জনিয়ে ছবিখন পৰিচালনা কৰাই নহয়, আল পেচিনো আৰু বেৰী নাভিডিৰ সৈতে সহ-প্ৰযোজনাও কৰিছে। কেইমাহমানৰ পিছত বুডাপেষ্টৰ শ্বুটিং ফ্ল’ৰত পৰিচালক হিচাপে দেখা যাব জনিক।

১৯৯৭ চনত জনিয়ে শেষবাৰৰ বাবে পৰিচালনা কৰিছিল ‘দ্য ব্ৰেভ’। লগতে নিজেই অভিনয়ো কৰিছিল, মাৰ্লন ব্ৰেণ্ডো আছিল সহ-অভিনেত্ৰী।

লগতে পঢ়ক: নিৰংকুশ বিজয়! কৰ্ণাটকত সম্পূৰ্ণ অক্সিজেন ল’লে কংগ্ৰেছে; উশাহ লোৱাত কষ্ট পাইছে বিজেপিয়ে

আনহাতে, জনিয়ে অভিনয়লৈও ঘূৰি আহিছে। ‘জন ডু বেৰী’ ছবিখনত তেওঁক ৰজা পঞ্চদশ লুইছৰ চৰিত্ৰত দেখা যাব। জনিৰ ৰয়েল লুক ইতিমধ্যে নেট জগতত ভাইৰেল হৈ পৰিছে।