NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

মানহানিৰ গোচৰত জয়ী ‘জেক স্পেৰো’ খ্যাত জনি ডেপ: পুনৰ আপীলৰ দিশে এম্বাৰ হাৰ্ড

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 2, 2022 1:55 pm
Johnny Depp Amber Heard case

অৱশেষত দীৰ্ঘদিনীয়া বিবাদৰ অন্তত প্ৰাক্তন পত্নী এম্বাৰ হাৰ্ডৰ বিৰুদ্ধে হাই প্ৰফাইল মানহানিৰ গোচৰত জয়ী হৈছে হলীউড তাৰকা জনি ডেপ ওৰফে ‘কেপ্টেইন জেক স্পেৰো’।

অৱশ্যে ডেপ গোচৰটোত জয়ী হয় যদিও শেহতীয়া খবৰ অনুসৰি এম্বাৰে এই ৰায়টোৰ বিৰুদ্ধে পুনৰ আপীল কৰিব পাৰে বুলি জানিব পৰা গৈছে।

ৱাশ্বিংটন পোষ্টৰ বাবে এম্বাৰে লিখা এটা অ’প-এডৰ বাবে জনি জেপে এম্বাৰৰ বিৰুদ্ধে প্ৰায় ৫০ মিলিয়ন ডলাৰৰ গোচৰ ৰুজু কৰিছিল।

অ’প-এডটোত এম্বাৰে নিজকে “ঘৰুৱা উৎপীড়নক প্ৰতিনিধিত্ব কৰা ৰাজহুৱা ব্যক্তি” বুলি অভিহিত কৰিছিল।

ইয়াৰ পাছতে ডেপে এম্বাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। জনি ডেপৰ গোচৰৰ পাছতে এম্বাৰেও জনিৰ বিৰুদ্ধে ১০০ নিযুত ডলাৰৰ গোচৰ ৰুজু কৰিছিল।

এম্বাৰে অভিযোগ কৰিছিল যে তেওঁলোকৰ ১৫ মহীয়া বৈবাহিক সম্বন্ধৰ সময়ত নিতৌ ঘৰুৱা হিংসাৰ বলি হৈছিল।

অৱশ্যে শুনানিৰ পিছত জুৰীয়ে জনি ডেপক ১৫ নিযুত ডলাৰ ক্ষতিপূৰণ প্ৰদান কৰে। আনহাতে এম্বাৰ হাৰ্ড টেবলইডৰ প্ৰৱন্ধৰ ওপৰত ৰুজু কৰা গোচৰত জয়ী হয় আৰু জুৰীয়ে হাৰ্ডক ২ মিলিয়ন ডলাৰৰ ক্ষতিপূৰণ প্ৰদান কৰে।

অৱশ্যে জুৰীৰ ৰায়ৰ পিছতে হাৰ্ডে হতাশা ব্যক্ত কৰি এটা টুইটত লিখিছিল, “আজি মই অনুভৱ কৰা হতাশা শব্দৰ বাহিৰত। মই দাখিল কৰা অসংখ্য প্ৰমাণো মোৰ প্ৰাক্তন স্বামীৰ অপৰ্যাপ্ত শক্তি আৰু প্ৰভাৱৰ বিৰুদ্ধে থিয় দিবলৈ পৰ্যাপ্ত নাছিল। এই ৰায়টোৱে আন মহিলাসকলৰ বাবে কি বুজায় তাক লৈ মই আৰু অধিক হতাশ হৈ পৰিছো।”

উল্লেখ যে কেইবা বছৰৰো প্ৰেমৰ সম্পৰ্কৰ পিছত ডেপ আৰু হাৰ্ডে বিবাহপাশত আৱদ্ধ হৈছিল।অৱশ্যে ২০১৬ চনৰ ২৩ মে’ত এম্বাৰে জনিৰ পৰা বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল।

এম্বাৰে তেওঁলোকৰ বৈবাহিক সম্পৰ্কৰ সময়ত ডেপে তেওঁক শাৰীৰিক উৎপীড়ন কৰাৰ অভিযোগ উত্থাপন কৰিছিল আৰু ড্ৰাগছ বা সুৰাৰ ৰাগীত এনে কৰিছিল বুলি দাবী কৰিছিল।