NORTHEAST NOW (Assamese)
Popular Stories

যোৰহাটত নিৰ্মীয়মাণ নলাৰ গাঁতত সোমাল চাৰিচকীয়া বাহন

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 29, 2024 5:42 pm

যোৰহাটৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ অব্যৱস্থাপনা আৰু নিৰাপত্তাৰ অভাৱৰ ফলত পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে। চিৰতিয়া গাঁৱৰ সমীপত সংঘটিত এক সাম্প্ৰতিক দুৰ্ঘটনাই এই সমস্যাৰ গুৰুতৰ প্ৰমাণ। নির্মাণকাৰী ঠিকাদাৰী প্ৰতিষ্ঠানৰ অবহেলা আৰু NHIDCLৰ উদাসীনতাৰ বাবে পথৰ কাষত খান্দি থকা বৃহৎ গাঁতত বাহন সোমাই পৰাৰ ঘটনা ঘটিছে।যোৰহাটৰ চিৰতিয়া গাঁৱৰ এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰিছে দুগৰাকী আৰোহীৰ৷

যোৰহাটৰ পৰা জাঁজীলৈ নিৰ্মাণাধীন ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য বিগত ১০ বছৰত সমাপ্ত নোহোৱাৰ বাবে স্থানীয় ৰাইজৰ মাজত ক্ষোভ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় পথ পৰিৱহণ মন্ত্ৰী নীতিন গাডকাৰীক এই বিষয়ে অৱগত কৰি শীঘ্ৰে নিৰ্মাণ কাৰ্য সমাপ্ত কৰাৰ আশ্বাস দিছিল। তথাপিও, নিৰ্মাণৰ গতি ধীৰ আৰু নিৰাপত্তা ব্যৱস্থা অব্যৱহিত।

বিগত ৩ জানুৱাৰীত দেৰগাঁৱত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত NHIDCLৰ উদাসীনতা আৰু নিৰ্মাণকাৰী ঠিকাদাৰী প্ৰতিষ্ঠানৰ অবহেলা স্পষ্ট হৈছে। স্থানীয় ৰাইজৰ দাবী, নিৰ্মাণ কাৰ্যৰ গতি বৃদ্ধি কৰি নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰা উচিত।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি, নিৰ্মাণত জড়িত ঠিকাদাৰী প্ৰতিষ্ঠান, অভিযন্তা আৰু বিষয়া সকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন বুলি স্থানীয় ৰাইজে দাবী কৰিছে৷