NORTHEAST NOW (Assamese)
অসম

পুঁজিৰ খেলিমেলি! নিজৰ কাৰ্য্যালয়ৰ কেৰাণীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে যোৰহাটৰ উপায়ুক্তই

Posted by: স্মিতা ভট্টাচাৰ্য Updated by: স্মিতা ভট্টাচাৰ্য December 30, 2019 8:03 am
Swindling-of-funds-corruption-1024x512

যোৰহাটৰ উপায়ুক্ত ৰশ্নি অপৰাঞ্জি কৰাতিয়ে দেওবাৰে উন্নয়ন পুঁজিৰ খেলিমেলি কৰাৰ বাবে জিসা প্ৰশাসনৰ উন্নয়ন শাখাৰ এগৰাকী উচ্চ বৰ্গৰ সহায়কৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

সূত্ৰসমূহে জানিবলৈ দিয়া মতে, উচ্চ বৰ্গৰ সহায়ক দীপক বৰাৰ বিৰুদ্ধে অবিযোগ দাখিল কৰা হৈছে।

অভিযোগ অনুসৰি তেওঁ কেন্দ্ৰীয় আন্ত:গাঁথনি উন্নয়নৰ কামৰ বাবে ধাৰ্য কৰা পুঁজিৰ খেলিমেলিৰ সৈতে জড়িত আছিল।

যোৰহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া এন কে বৰাই জানিবলৈ দিয়ে যে জিলাখনৰ উপায়ুক্তই দাখিল কৰা অভিযোগৰ ভিত্তিত দীপক বৰাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষী বিষয়া এন কে বৰাই কয় যে দীপক বৰাৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু জালিয়াতিৰ অভিযোগ অনা হৈছে।

দীপক বৰাই জালিয়াতিৰে ২৫ লাখ টকা উলিয়াই নিয়াৰ সন্দেহ কৰা হৈছে।

আৰক্ষী বিষয়া এন কে বৰাই কয় যে আৰক্ষীয়ে দীপক বৰাৰ ঘৰত দেওবাৰে তালাচী চলায় যদিও তেওঁ ইতিমধ্যে পলায়ন কৰে।

এন কে বৰাই কয় যে যোৱা ফেব্ৰুৱাৰিত উন্নয়ন শাখাৰ ৫৫নম্বৰ কোঠাত ৰহস্যজনকভাৱে সংঘটিত অগ্নিকাণ্ডত জড়িত থকাৰ সন্দেহত দীপক বৰা চাকৰিৰ পৰা নিলম্বিত হৈ আছে।

কেইবাটাও গুৰুত্বপূৰ্ণ ফাইল আৰু কম্পিউটাৰ ছেট উক্ত অগ্নিকাণ্ডৰ ফলত ধ্বংসপ্ৰাপ্ত হৈছিল।

তেওঁৰ বিৰুদ্ধে ৮৫/১৯ আৰু ৩৯৭/১৯ নম্বৰত আৰক্ষীত গোচৰ ৰুজু হৈ আছে আৰু আৰক্ষীয়ে যাতে গ্ৰেপ্তাৰ কৰিব নোৱাৰে তাৰ বাবে আগতীয়াকৈ জামিন লৈছিল।

দুয়োটা গোচৰতে তেওঁক ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪৩৬,১২০বি আৰু ৩৮৬ৰ অধীনত অভিযোগ অনা হৈছে।