NORTHEAST NOW (Assamese)
অসম

আজিৰ পৰা যােৰহাট-দিল্লীলৈ পােনপটীয়া ইণ্ডিগ’ বিমান সেৱা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 27, 2019 10:54 am

আজিৰে পৰা যোৰহাট-দিল্লীলৈ আৰম্ভ হৈছে পোনপটীয়া ইণ্ডিগ’ বিমান সেৱা। আজি অৰ্থাৎ দেওবাৰে দিনৰ ১১-৪০ বজাত যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈয়ে ফ্লেগ অফ কৰি যোৰহাটৰ পৰা দিল্লীলৈ পোনপটীয়াকৈ চলাচল কৰিব লগীয়া বিমান সেৱাৰ শুভাৰম্ভ কৰিব।

সপ্তাহটোত সাত দিনেই চলাচল কৰিব লগীয়া এই বিমান সেৱা যোৰহাটৰ পৰা দিল্লীলৈ দিনৰ ১১-৪০ বজাত যাত্ৰা কৰিব। অৱশ্যে এই বিমান সেৱা গুৱাহাটী হৈ যাত্ৰা কৰিব। যোৰহাটৰ পৰা আহি গুৱাহাটীত ৪০ মিনিট জিৰণি লোৱাৰ পিছত বিয়লি ৪ বজাত দিল্লীত অৱতৰণ কৰিব।

উল্লেখযোগ্য যে যােৰহাটৰ পৰা দিল্লীলৈ পােনপটীয়া বিমান সেৱা নথকাৰ ফলত দীর্ঘদিন অঞ্চলটোৰ জনসাধাৰণে সমস্যাৰ সন্মুখীন হৈ আহিছিল। যােৰহাটৰ লগতে গােলাঘাট, শিৱসাগৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ জনসাধাণেও সমস্যাৰ সন্মুখীন হৈছিল।

অৱশেষত আজিৰ পৰা আৰম্ভ হোৱা পোনপটীয়া ইণ্ডিগ’ বিমান সেৱাই স্থানীয় ৰাইজৰ দীৰ্ঘদিনীয়া বিমান সেৱাৰ অভাৱ দূৰ কৰিব।