NORTHEAST NOW (Assamese)
অসম

আজিৰে পৰা ভক্তৰ বাবে মুকলি কৰা হৈছে যোৰহাট লাহদৈগড়ৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ

Posted by: নীৰ্মলেন্দু পাঠক Updated by: নীৰ্মলেন্দু পাঠক June 8, 2020 2:22 pm
Screenshot_2020-06-08-11-12-16_1

ক’ৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ অংশ হিচাপে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বাবে যোৱা ৭৫ দিন ৰাজ্যৰ অন্যান্য মঠ মন্দিৰৰ লগতে সাধাৰণ ভক্তৰ বাবে বন্ধ আছিল যোৰহাট জিলাৰ টীয়ক লাহদৈগড়ৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ।

আজি সোমবাৰৰ পৰা পুনৰ চৰকাৰে ঘোষণা কৰা নীতি নিয়ম মানি  মঠ মন্দিৰ সমূহ খোলাৰ নিৰ্দেশ দিয়াত ঢেকীয়াখোৱা বৰনামঘৰতো সাধাৰণ দৰ্শনাৰ্থীৰ বাবে দুৱাৰ মুকলি কৰা হৈছে।

ইতিমধ্যে নামঘৰ পৰিচালনা সমিতিয়ে ভক্তক আদৰিবলৈ তথা সতৰ্কতা মুলক ব্যৱস্থা হিচাপে নামঘৰৰ প্ৰৱেশ পথৰ সন্মুখত দৰ্শনাৰ্থী সকলৰ বাবে হাত-ভৰি ধোৱা, হেণ্ড ছেনিটাইজাৰৰ ব্যৱস্থা কৰাৰ উপৰিও প্ৰৱেশ দুৱাৰৰ সন্মুখত ডিভাইডাৰৰ ব্যৱস্থা কৰিছে।

ইপিন দেওবাৰে সমগ্র বৰনামঘৰ চৌহদ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু সদৌ অসম মুছলিম যুৱ সন্থাৰ উদ্যোগত ছেনিটাইজাৰৰ ব্যৱস্থা কৰা হয়।

আজিও নামঘৰ পৰিচালনা সমিতি তথা বৃহত্তৰ ঢেকীয়াখোৱা গাঁৱৰ ৰাইজে নামঘৰৰ চৌপাশ পৰিস্কাৰ কৰাত ব্যস্ত আছে।

নামঘৰৰ প্ৰবেশ দুৱাৰত পৰিচালনা সমিতিৰ তৰফৰ পৰা মাস্ক, ছেনিটাইজাৰ তথা ভক্তৰ পঞ্জীয়নৰ ব্যৱস্থা গ্ৰহণ কৰি চৰকাৰী নিৰ্দেশনা আখৰে আখৰে পালন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।