NORTHEAST NOW (Assamese)

সুৰক্ষিত নহয় সাংবাদিকো! মন্ত্ৰীয়ে ভাবুকি দিয়া সাংবাদিকক নিৰাপত্তাৰক্ষী প্ৰদান

April 2, 2021 2:45 pm · কল্পজ্যোতি শইকীয়া
মন্ত্ৰী পীযুষ হাজৰিকা আৰু সাংবাদিক নজৰুল ইছলাম।

বিজেপি চৰকাৰৰ দিনত সুৰক্ষিত নহয় ৰাজ্যৰ সাংবাদিকসকল!

এই কথাই প্ৰতীয়মান কৰি কালি মন্ত্ৰী পীযুষ হাজৰিকাই ফোনযোগে ভাবুকি প্ৰদান কৰা সাংবাদিক জাগীৰোডৰ মায়ঙৰ সাংবাদিক নজৰুল ইছলামক নিৰাপত্তাৰক্ষী প্ৰদান কৰা হৈছে।

মৰিগাওঁ জিলা আৰক্ষী অধীক্ষক নন্দ সিঙে এজন নিৰাপত্তাৰক্ষী প্ৰদান কৰিছে প্ৰতিদিন টাইমৰ সাংবাদিকগৰাকীক।

উল্লেখযোগ্য যে, মন্ত্ৰী পীযুষ হাজৰিকাই ফোনযোগে সাংবাদিকগৰাকীক ঘৰৰ পৰা চোঁচোৰাই ৰাস্তালৈ নিয়াৰ ভাবুকি দিয়া ফোন ৰেকৰ্ডিং ভাইৰেল হৈ পৰাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত ক্ষোভৰ উদ্গীৰণ হোৱাৰ লগতে বিভিন্ন সাংবাদিক সংস্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছিল।

তাৰ পাছতে নজৰুলৰ নিৰাপত্তা সু-নিশ্চিত কৰাৰ স্বাৰ্থত নিৰাপত্তাৰক্ষী প্ৰদান কৰে নগাওঁ জিলা আৰক্ষী অধীক্ষকে।

কালি মন্ত্ৰীগৰাকীয়ে ফোনযোগে ভাবুকি দিয়াৰ পাছতে  জাগীৰোড থানাত এক এজাহাৰ দাখিল কৰিছিল সাংবাদিক নজৰুল ইছলাম আৰু তুলসী মান্তাই।

এজন মন্ত্ৰীৰ ভাবুকিৰ পাছতে এনেদৰে এগৰাকী সাংবাদিকৰ জীৱনলৈ নামি অহা ভাবুকিৰ বাবেই নিৰাপত্তাৰক্ষী প্ৰদান কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

উল্লেখযোগ্য যে, মন্ত্ৰী পীযুষ হাজৰিকাৰ পত্নী আইমী বৰুৱাৰ ‘কা’ক লৈ কৰা এটা মন্তব্যই ৰাজ্যজুৰি তোলপাৰ লগাই থকাৰ মাজতে সেই ঘটনাক কেন্দ্ৰ কৰি জাগীৰোডৰ প্ৰতিদিন টাইমৰ সাংবাদিকৰ ওপৰত খৰ্গহস্ত হৈ পৰে মন্ত্ৰী পীযুষ হাজৰিকা।

তদুপৰি, ফোনযোগে নজৰুল নামৰ সাংবাদিকগৰাকীক এটাৰ পাছত আন এটা ভাবুকি দি গ’ল মন্ত্ৰীগৰাকীয়ে। আনকি ইমানখিনি ধমক দিয়াৰ পাছত এগৰাকী সন্মানীয় মন্ত্ৰী বুলি সাংবাদিকে সোঁৱৰাই দিয়াত তেওঁ নিজকে ‘অসন্মানীয় মন্ত্ৰী’ বুলি স্বীকাৰ কৰে।

ইপিনে, দুগৰাকী সাংবাদিকে মিঞা পলিটিক্স কৰা বা নিৰপেক্ষ সাংবাদিকক আজমল পাৰ্টীৰ সজাই ঘৰৰ পৰা ৰাস্তালৈ চোঁচৰাই অনাৰ ভাবুকি দিয়াৰ লগতে এই পাঁচবছৰ শাসনকালত তেওঁলোকৰ শান্তি নোহোৱা কৰিব বুলিও মন্ত্ৰী পীযুষ হাজৰিকাই ধমক দিয়ে।

Related News