NORTHEAST NOW (Assamese)

যোগী আদিত্যনাথৰ ৰাজ্যৰ পঞ্চায়ত প্ৰধানৰ বাসগৃহতে আকৌ সাংবাদিকক গুলীয়াই হত্যা

August 25, 2020 8:26 pm · এন ই নাও নিউজ
Updated: August 25, 2020 8:32 pm

পুনৰ যোগী আদিত্যনাথৰ শাসিত উত্তৰ প্ৰদেশত গুলীয়াই হত্যা কৰা হৈছে এজন সাংবাদিকক।

সোমবাৰে ৰাতি উত্তৰ প্ৰদেশৰ বালিয়া জিলাৰ ৰতন সিং(৪৫) নামৰ সাংবাদিকজনক গুলীয়াই হত্যা কৰা হৈছে।

আৰক্ষীৰ সূত্ৰৰ খবৰ মতে, সোমবাৰে ৰাতি বালিয়া জিলাৰ ফেফানা অঞ্চলৰ পঞ্চায়ত প্ৰধানৰ বাসগৃহতে সাংবাদিকজনক উদ্দেশ্যি গুলীচালনা কৰা হয়। আৰু সাংবাদিকজনৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

আৰক্ষীৰ মতে ভূমি সংক্ৰান্তীয় বিবাদৰ বাবে এই হত্যাকাণ্ড সংঘটিত কৰা হৈছে।

ঘটনাৰ তদন্তৰ দায়িত্বত থকা এগৰাকী আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত কয় যে পৰিচিত ব্যক্তিয়ে সাংবাদিকজনক হত্যা কৰিছে।

জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়া দেবেন্দ্ৰ নাথে সংবাদ মাধ্যমক কয়, “আমি ঘটনাৰ পূৰ্ণাঙ্গ তদন্ত আৰম্ভ কৰিছো। খুব সোনকালে আমি হত্যাকাণ্ডৰ লগত জড়িত সকলো অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হ’ম।”

ইতিমধ্যে হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত তিনিজনক লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে, জুলাই মাহতো উত্তৰ প্ৰদেশৰ গাজিয়াবাদ চহৰৰ পথত প্ৰকাশ্যে বিক্ৰম যোশী নামৰ এজন সাংবাদিকক গুলীবিদ্ধ কৰিছিল দুস্কৃতিকাৰীয়ে।

দুদিনৰ পিছত গুলীবিদ্ধ বিক্ৰম যোশী চিকিৎসাধীন অৱস্থাত চিকিৎসালয়তে মৃত্যু হৈছিল।

Related News