NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত সাংবাদিক-আৰক্ষীক সম্বৰ্ধনা আৰু মাস্ক প্ৰদান সমাজ কৰ্মী পংকজ বৰাৰ

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম May 17, 2020 3:17 pm

দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ দিনক দিনে বৃদ্ধি পোৱাৰ লগতে অসমতো আজি শতকৰ ঘৰত খোজ দিয়াৰ দিশে আগবাঢ়িছে মহামাৰী ক’ভিড-১৯ ৰোগীৰ সংখ্যা।

এই বিভীষিকাময় পৰিস্থিতিৰ মাজতে সাংবাদিক আৰু আৰক্ষীৰ লোকসকল দিনে নিশাই ব্যস্ত থাকিব লগীয়া হৈছে।

এই পৰিস্থিতিত উৎসাহ যোগাবৰ বাবে বিজেপিৰ অ’ বি চি মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি, বিশ্বনাথ গেছ ডিষ্ট্ৰিবিউটৰৰ স্বত্ত্বাধিকাৰী তথা বিশিষ্ট সমাজ কৰ্মী পংকজ বৰাই আজি বিশ্বনাথৰ সাংবাদিক আৰু আৰক্ষীৰ লোক সকলক সামাজিক ব্যৱধান ৰক্ষা কৰি এখন ফুলাম গামোচা আৰু একোখনকৈ মাস্ক প্ৰদান কৰে।

বৰাই আজি বিশ্বনাথৰ প্ৰায় ৭০ ৰ পৰা ৭৫ জনকৈ সাংবাদিক আৰু আৰক্ষীক গামোচা আৰু মাস্ক প্ৰদান কৰে।

ইফালে বৰাৰ এই পদক্ষেপক সাংবাদিক আৰু আৰক্ষীৰ লোকসকলে শলাগ লয়।