NORTHEAST NOW (Assamese)
অসম

কৰ’না সংকটৰ পৰিস্থিতিত চৰম ক্ষতিগ্ৰস্ত হৈছে সাংবাদিকসকল: সমীক্ষা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 24, 2020 7:46 am
media

কৰ’না মহামাৰীৰ পৰিস্থিতিত সমগ্ৰ বিশ্বৰ সাংবাদিকসকলে বাস্তৱিকতে আৰ্থিক, শাৰীৰিক তথা মানসিক চাপৰ মাজেৰে কাম কৰিবলগীয়া হৈছে।

শেহতীয়া এক সমীক্ষা তথা গৱেষণাত এই কথা পোহৰলৈ আহিছে। ভয়েছ অফ আমেৰিকাৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে।

আমেৰিকাৰ ইন্টাৰনেশ্যনেল চেন্টাৰ ফৰ জাৰ্ণেলিষ্টছ (আই চি এফ জে) য়ে ১২৫খন দেশৰ মুঠ ১,৪০৬গৰাকী সাংবাদিকৰ ওপৰত এই সমীক্ষা চলাইছিল।

সমীক্ষাত প্ৰকাশ পাইছে যে কৰ’না পৰিস্থিতিক বহুতেই তেওঁলোকৰ সাংবাদিকতা বৃত্তিৰ ক্ষেত্ৰত জীৱনৰ আটাইতকৈ দীৰ্ঘকালীন কঠিন অভিজ্ঞতা হিচাপে বিবেচনা কৰাৰ কথা সদৰী কৰিছে।

উক্ত সমীক্ষা বা গৱেষণাৰ প্ৰতিবেদনত কোৱা হৈছে যে কৰ’না ভাইৰাছে বিভিন্ন শ্ৰেণীৰ চাকৰিৰ সমান্তৰালভাৱে বিশ্বজুৰি কাম কৰি থকা সাংবাদিক তথা তেওঁলোকৰ নিউজ ৰুমত মাৰাত্মক প্ৰভাৱ পেলাইছে।

উল্লেখ্য যে ভাৰততো কৰ’না পৰিস্থিতি সাংবাদিকসকলে বহু কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছে। ফ্ৰন্টলাইন কৰ’না যোদ্ধাৰ শাৰীত সেয়েহে সাংবাদিকসকলকো মান্যতা দিয়া হয়।

দেশৰ সাংবাদিকসকলেও কৰ’না সংকটৰ সময়ত বিভিন্ন প্ৰত্যাহ্বানৰ মোকাবিলা কৰি কাম কৰিবলগীয়া হৈছে আৰু বহু সাংবাদিক এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা আক্ৰান্তও হৈছে।