NORTHEAST NOW (Assamese)

নগাঁও জিলাৰ চামগুৰিত সাংবাদিকৰ মুকলি বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি

April 28, 2022 9:11 pm · বিদ্যুত জ্যোতি বৰা, চামগুৰি

গুৱাহাটীৰ একত্ৰিত সাংবাদিকৰ সংগঠন, সমন্বয় আৰু নগাঁৱৰ চামগুৰিৰ সমূহ সাংবাদিকৰ যৌথ উদ্যোগত ‘সাংবাদিকৰ মুকলি বিহু’ খন এইবাৰ চামগুৰিত অনুষ্ঠিত হ’ব।

চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অহা ১ মে’ ৰবিবাৰে অনুষ্ঠিত হ’বলগীয়া এই বিহুখনৰ বাবে আয়োজক সমিতিয়ে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে।

বিগত বৰ্ষত কাজিৰঙাত এই মুকলি বিহুখন অনুষ্ঠিত হোৱাৰ সময়তে  চামগুৰিৰ সাংবাদিকৰ আহ্বানত সমন্বয়ৰ অন্যতম উপদেষ্টা জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই এই বিহুখন ২০২২ বৰ্ষত চামগুৰিত অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰিছিল।

ইয়াৰ পৰিপ্ৰেক্ষিতত চামগুৰিৰ সমূহ সাংবাদিকে মুকলি বিহুখন উদযাপনৰ বাবে প্ৰস্তুতি চলায়। ১ মে’ ৰবিবাৰে দিন যোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া বিহুখনত অসমৰ বিভিন্ন স্থানৰ সাংবাদিক সকলে তেওঁলোকৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰাৰ বাবে প্ৰস্তুতি চলাইছে।

মুকলি বিহুৰ কাৰ্যসূচী অনুসৰি পুৱা ৮-৩০ বজাত পতাকা উত্তোলন কৰিব সমন্বয়ৰ সভাপতি দিগন্ত দাসে। বিশিষ্ট কালিবাদক কলিৰাম বৰাৰ কালিবাদনেৰে পুৱা ৯ বজাত মঙ্গল ধ্বনি। পুৱা ৯-৩০ বজাত চিত্ৰাংকন প্ৰতিযোগিতা। উদ্বোধন কৰিব চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰণৱ কুমাৰ গোস্বামীয়ে।

পুৱা ১০-৩০ বজাত ডি ৱাই ৩৬৫ৰ কাৰ্যবাহী সম্পাদক প্ৰাণজিৎ শ‌ইকীয়াৰ সঞ্চালনাত ‘শিপাৰ সন্ধানত’ শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান। দুপৰীয়া খিলঞ্জীয়া জাতিৃজনগোষ্ঠীৰ বিহু আৰু লোক নৃত্য প্ৰদৰ্শন কাৰ্যসূচী উদ্বোধন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ’বলগীয়া সাংবাদিকৰ ৰসাল কথাৰে গীত মাতৰ বৰ্ণিল অনুষ্ঠানটি উদ্বোধন কৰিব জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্য‌ই।

বিয়লি ৪ বজাৰ পৰা অনুস্থিত হ’বলগীয়া স্থানীয় আৰু আমন্ত্ৰিত শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই।

সাংবাদিকৰ মুকলি বিহুৰ কাৰ্যসূচী সাফল্য মণ্ডিত কৰি তুলিবলৈ সকলোৰে সহায় সহযোগিতা কামনা কৰি সমন্বয়ৰ সভাপতি দিগন্ত দাস, মুখ্য সম্পাদক ৰাজীৱ বৰা আৰু উদযাপন সমিতিৰ সম্পাদক নৱজ্যোতি বৰাই আহ্বান জনাইছে।

Related News