NORTHEAST NOW (Assamese)

সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ বাবে ৰাষ্ট্ৰপতিলৈ পত্ৰ সাংবাদিকৰ

October 17, 2023 2:53 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 17, 2023 2:52 pm

সংবাদ মাধ্যমৰ সংগঠনসমূহে সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ বাবে ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰিছে। 

প্ৰেছ ক্লাব অৱ ইণ্ডিয়া, ইণ্ডিয়ান উইমেনছ প্ৰেছ কৰ্পছ, প্ৰেছ এছ’চিয়েচন, দিল্লী ইউনিয়ন অৱ জাৰ্নেলিষ্ট, কেৰালা ইউনিয়ন অৱ ৱৰ্কিং জাৰ্নেলিষ্ট, ডিজিপাব, বিদেশী সংবাদদাতা ক্লাব, ভেটেৰাণ জাৰ্নেলিষ্ট গ্ৰুপ আৰু অল ইণ্ডিয়া ল’য়াৰ্ছ ইউনিয়নে ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ কৰে। 

সংবিধানৰ স্বাধীনতা, বাক স্বাধীনতা, জীৱিকাৰ স্বাধীনতা নিশ্চিত কৰাৰ বাবে দেশৰ সৰ্বোচ্চ সাংবিধানিক কৰ্তৃপক্ষ হিচাপে ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰিছে সংবাদ মাধ্যমৰ সংগঠনসমূহে।

সাংবাদিক সংগঠনসমূহে অভিযোগ কৰে যে সাংবাদিক আৰু বাতৰি পৰিৱেশনৰ সৈতে জড়িত বিভিন্ন বৃত্তিৰ লোকসকলক অভূতপূৰ্ব আক্ৰমণৰ বলি হৈছে। তেওঁলোকৰ লেপটপ, হাৰ্ড ডিস্ক আদি জব্দ কৰা হৈছে, যিবোৰ এই জীৱিকাৰ বাবে অতি প্ৰয়োজনীয়।

Related News