NORTHEAST NOW (Assamese)

পৰিভ্ৰমী পক্ষী হত্যা কৰা দুষ্কৃতিকাৰীক হাতে-লোটে আটক জয়সাগৰ আৰক্ষীৰ

January 25, 2019 9:08 pm · ৰাজীৱ দত্ত

শীতৰ আগমনৰ লগে লগে প্ৰতি বছৰে সাত সাগৰ তেৰ নদী পাৰ হৈ ঐতিহাসিক শিৱসাগৰ জিলৰ ৰূপহী পথাৰত পৰিভ্ৰমী পক্ষীৰে ভিৰ কৰেহি। কিন্তু একাংশ দুষ্কৃতিকাৰীয়ে ফুৰাডন জাতীয় কীটনাশক দৰৱ দি কিছু দিনৰ পৰা ব্যাপক হাৰত এই পৰিভ্ৰমী পক্ষী সমূহ নিধন কৰি আহিছে।

আজি ৰূপহী পথাৰৰ সংলগ্ন পুৰণিপুখুৰীপাৰৰ নিবাসী বাবু দাস নামৰ এটা দুষ্কৃতিকাৰীয়ে পক্ষী হত্যা কৰি ঘৰলৈ আনি থকা অৱস্থাত জয়সাগৰ আৰক্ষীয়ে হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়।

পিছত জয়সাগৰ আৰক্ষীয়ে দুষ্কৃতিকাৰীটোক বন বিভাগৰ হাতত গতাই দিয়ে। বন বিভাগে পিছত নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰাৰ লগতে গোচৰৰ ভিত্তিত জিলা দণ্ডাধীশৰ আগত হাজিৰ কৰোৱাই জে’ললৈ প্ৰেৰণ কৰিছে।

উল্লেখযোগ্য যে শিৱসাগৰ জিলাৰ ঐতিহাসিক ৰূপহী পথাৰত বিগত বৰ্ষসমূহৰ দৰে এই বছৰো সুদূৰ চাইবেৰিয়া, অষ্ট্ৰেলিয়া আদি দেশৰ পৰা ৰাজহাঁহ, ধৃতৰাজ, ফুটুকী হাঁহ, কাম চৰাই, বগলী, ডাউক আদিকে ধৰি বিভিন্ন প্ৰজাতিৰ পক্ষীয়ে আশ্ৰয় লয়হি। কিন্তু দুষ্কৃতিকাৰীয়ে প্ৰতিবছৰে এই পক্ষী সমূহ নিধন কৰি আহিছে।

আনহাতে অসম চৰকাৰৰ বন সংমণ্ডল নামৰ এটা বিয়াগোম বিভাগ থকাৰ পিছতো বৰ্তমানলৈকে পক্ষী সমূহ সংৰক্ষণৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ নকৰিলে।

ইফালে পৰিভ্ৰমী পক্ষী সমূহ কীটনাশক ঔষধ দি দুষ্কৃতিকাৰীয়ে ব্যাপক হাৰত নিধন কৰি থাকৰ বিষয়টো স্থানীয় ৰাইজে দুদিনৰ পূৰ্বেই অৱগত কৰিছিল যদিও বিভাগটোৱে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাছিল বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।

Related News