NORTHEAST NOW (Assamese)
অসম

বিচাৰৰ নামত পুনৰ প্ৰহসন! হাফিজ ছয়ীদক পুনৰ ১৫ বছৰৰ কাৰাদণ্ড

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 25, 2020 2:20 pm
a haf

জামাত-উদ-দাৱাৰ নেতা তথা মুম্বাই কাণ্ডৰ প্ৰধান ষড়যন্ত্ৰকাৰী হাফিজ ছয়ীদক পুনৰ পাকিস্তানৰ এখন আদালতে ১৫ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিলে।

সন্ত্ৰাসবাদীক ধনৰ যোগান ধৰাৰ চাৰিটা গোচৰৰ ভিতৰৰে এটাত আদালতে ছয়ীদক ১৫ বছৰৰ কাৰাদণ্ড বিহে।

ইয়াৰ পূৰ্বেও হাফিজ ছয়ীদক পাক আদালতে কাৰাদণ্ড বিহিছিল যদিও আজিও সন্ত্ৰাসবাদী নেতা জনে পাক চৰকাৰৰ পৰা ৰাজ আতিথ্য লাভ কৰিয়েই আছে।

লাহোৰৰ আদালতে হাফিজৰ লগতে হাফিজ আব্দুছ চালাম,মহম্মদ আশ্ৰাফ, ইয়ায়া মুজাহিদ, জাফৰ ইকবাল নামৰ সন্ত্ৰাসবাদী কেইজনক দোষী সাৱস্ত্য কৰি কাৰাদণ্ড বিহে। উল্লেখ্য চলিত বৰ্ছৰ নৱেম্বৰ মাহত।

২০০৮ চনত ভাৰতৰ মায়ানগৰী মুম্বাইত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰ মাইণ্ড হাফিজ ছয়ীদক ১০ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছিল পাকিস্তানৰ এখন আদালতে।

জামাত-উড দাৱাৰ মুৰব্বী হাফিজৰ বিৰুদ্ধে পাকিস্তানৰ চৰকাৰে শেহতীয়াকৈ বহু কেইটা গোচৰ ৰুজু কৰিছে।

দেশখনৰ লাহোৰস্থিত  সন্ত্ৰাসবাদ বিৰোধী আদালতে হাফিজৰ লগতে আন চাৰি জন সন্ত্ৰাসবাদীক ১০ বছৰ ৬ মাহৰ কাৰাদণ্ড বিহিছিল।

সন্ত্ৰাসবাদক উদগনি দিয়াৰ অভিযোগতে দোষী সাৱস্ত্য হোৱা আদালতে হাফিৰ লগতে জামাতৰ আন নেতাসকল ক্ৰমে জাফৰ ইকবাল,য়াহা মুজাহিদকো একেই দণ্ড বিহা হৈছিল।

একেদৰে হাফিজৰ আত্মীয় ৰেহমান মাক্কিক ছমাহৰ কাৰাদণ্ড বিহা হৈছিল।

উল্লেখ্য শেহতীয়াকৈ সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া বাবে  আমেৰিকাকে ধৰি বিশ্বৰ বহু কেই খন দেশে পাকিস্তানৰ বিৰুদ্ধে থিয় দিছে।

পাকিস্তানক ইতিমধ্যে FATF ৰ গ্ৰে লিষ্টতো ৰখা হৈছে। এনে পৰিস্থিতিত বাধ্যত পৰি যোৱা বছৰৰ জুলাই মাহত পাক চৰকাৰে হাফিজক গ্ৰেপ্তাৰ কৰিছিল।

১৬৬ জন নিৰীহৰ প্ৰাণ কাঢ়ি নিয়া মুম্বাই কাণ্ডৰ মাষ্টাৰ মাইণ্ড হাফিজ ছয়ীদক পাকিস্তানৰ এখন আদালতে সন্ত্ৰাসবাদীক ধনৰ যোগান ধৰাৰ অভিযোগত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ১১ বছৰৰ কাৰাদণ্ডৰে  দণ্ডিত কৰিছিল।