NORTHEAST NOW (Assamese)

জুনু শৰ্মা হত্যাকাণ্ড : ভিন্ন স্থানৰ পৰা আৰক্ষীয়ে আটক কৰে তিনিজনক

October 14, 2018 11:13 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

ভাৰতীয় ষ্টেট বেংকৰ দদৰা শাখাৰ বিষয়া জুনু শৰ্মাক ৰাজপথত গুলীয়াই হত্যা কৰা ঘটনাত জড়িত থকাৰ সন্দৰ্ভত আৰক্ষীয়ে তিনিজনক আটক কৰিবলৈ সক্ষম হয়।

শনিবাৰ অৰ্থাৎ ১৩ অক্টোবৰৰ নিশা আৰক্ষীয়ে অভিযান চলাই পৃথক পৃথক স্থানৰ পৰা তিনিজনকে আটক কৰিবলৈ সক্ষম হয়। আটকাধীন তিনিজন লোকৰ দুজনৰ নাম ঋণ মাফিয়া পুতুল আলী আৰু ছাদ্দাম হুছেইন বুলি জানিব পৰা গৈছে। আনজনৰ নাম বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

উল্লেখযোগ্য যে ১০ অক্তোবৰত ষ্টেইট বেংকৰ দদৰা শাখাৰ বিষয়া জুনু শৰ্মাই বেংকৰ পৰা ঘৰলৈ আহোতে  অচিনাক্ত বন্দুকধাৰীয়ে শীতল মস্তিষ্কৰে গুলীয়াই হত্যা কৰিছিল।

আনহাতে আততায়ীৰ হাতত নিহত বিষয়াগৰাকীৰ স্বামীয়ে বেংকটোৰ বিত্তীয় কেলেংকাৰীৰ ফাইলত হাত দিয়াৰ বাবে জুনু শৰ্মাক হত্যা কৰা হ’ল বুলি সন্দেহ প্ৰকাশ কৰিছিল। অৱশ্যে আৰক্ষীৰ তদন্তৰ অন্ততহে সমগ্ৰ ঘটনাৰ আঁৰৰ ৰহস্য পোহৰলৈ আহিব।

Related News