NORTHEAST NOW (Assamese)
অসম

৮০০বছৰৰ পাছত ঘটিব এই মহাজাগতিক ঘটনা; খালী চকুৰে পাৰিব চাব

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 7, 2020 2:38 pm
Mars-and-Jupiter

মহাকাশৰ ৰহস্যৰ প্ৰতি আকৰ্ষণ থকাসকলৰ বাবে এক সুৱৰ্ণ সুযোগ। কিয়নো ৮০০বছৰ পাছত শনি আৰু বৃহস্পতি গ্ৰহ দুটা ওচৰা-ওচৰি হ’ব।

গ্ৰহ দুটা ইমানেই কাষ চাপি আহিব যে পৃথিৱীৰ পৰা ইয়াক খালী চকুৰে দেখা পোৱা যাব। খ্ৰীষ্টমাছৰ পূৰ্বেই দেখা পোৱা যাব এই দৃশ্য।

বাতৰি অনুসৰি, অহা ২১ ডিচেম্বৰৰ নিশা আকাশত এই দৃশ্য দেখা যাব। সেইদিনা সৌৰজগতৰ এই মহাজাগতিক বিৰল দৃশ্য দেখা পোৱা যাব।

গ্ৰহ দুটা ইমান কাষলৈ আহি অৱস্থান কৰিব যে পৃথিৱীৰ বিভিন্ন স্থানৰ পৰা ইয়াক এটা যমজ গ্ৰহ যেন দেখা যাব।

ডিচেম্বৰৰ ১৬ৰ পৰা ২৫তাৰিখলৈ গ্ৰহ দুটা ওচৰা ওচৰিকৈ থাকিব যদিও ২১ডিচেম্বৰত শনি আৰু বৃহস্পতি একেবাৰে কাষত অৱস্থান কৰিব।

বিজ্ঞানীসকলৰ মতে এই ধৰণৰ ঘটনাক কনজাংকশ্যন বুলি কোৱা হয়। বিশ্বাস অনুসৰি, ২১ ডিচেম্বৰৰ এই ঘটনা ষ্টাৰ অফ বেথেলহাম বা খ্ৰীষ্টমাছ ষ্টাৰ হিচাপে দেখা দিব।

১২২৬ খ্ৰীষ্টাব্দৰ চাৰি মাৰ্চৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে শনি আৰু বৃহস্পতি গ্ৰহক ইমান ওচৰাওচৰিকৈ অৱস্থান কৰা দেখা যাব।

বিজ্ঞানীসকলে জানিবলৈ দিয়া মতে এনেধৰণৰ ঘটনা আৰু পুনৰ ২০৮০চনৰ ১৫ মাৰ্চত দেখা পোৱা যাব।