NORTHEAST NOW (Assamese)
Popular Stories

NASA Alert! ৭০ বছৰৰ পিছত পুনৰ পৃথিৱীৰ কাষ চাপিব বৃহস্পতি গ্ৰহ; বিৰল মহাজাগতিক ঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 22, 2022 7:39 pm

Jupiter to come closest to Earth ৭০ বছৰৰ পিছত পুনৰ সৌৰজগতত এক বিৰল মহাজাগতিক ঘটনাৰ সাক্ষী হ’বলৈ গৈ আছে বিশ্বই। সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ বৃহস্পতি পৃথিৱীৰ কাষ চাপি আহিছে। সাধাৰণ মানুহেও সোমবাৰে (২৬ ছেপ্টেম্বৰত) এই মহাজাগতিক দৃশ্য উপভোগ কৰিবলৈ সক্ষম হ’ব।

জ্যোতিৰ্বিজ্ঞানীসকলে ধাৰণা কৰে যে যোৱা ৭০ বছৰৰ ইতিহাসত এনে ঘটনা বিৰল। সেইদিনা বৃহস্পতি পৃথিৱীৰ আটাইতকৈ ওচৰলৈ আহিব। সেইদিনা গোটেই ৰাতি বৃহস্পতি আকাশত দেখা যাব। সূৰ্য আৰু বৃহস্পতি দুয়োটাই পৃথিৱীৰ বিপৰীতে একে দিশত থাকিব। ফলস্বৰূপে, সূৰ্যৰ দৰেই বৃহস্পতিও পূৱত উদয় হৈ পশ্চিমত মাৰ যাব।

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই এক বিবৃতিত কৈছে যে ২৬ ছেপ্টেম্বৰত পৃথিৱীৰ পৰা আটাইতকৈ স্পষ্ট আৰু উজ্জ্বল দেখা যাব। এই ঘটনা অত্যন্ত বিৰল। নাছাৰ সূত্ৰ অনুসৰি, সেইদিনা চন্দ্ৰৰ বাহিৰে মহাকাশৰ আন গ্ৰহ আৰু নক্ষত্ৰবোৰৰ ভিতৰত বৃহস্পতিক আটাইতকৈ উজ্জ্বল দেখা যাব। অৱশ্যে, বৃহস্পতিক পৃথিৱীৰ পৰা খালি চকুৰে দেখা নাযাব।

বিজ্ঞানীসকলে কয় যে যদি কোনোৱে গ্ৰহটো চাব বিচাৰে তেন্তে দূৰবীণৰ সহায় ল’ব লাগিব। ভাল দূৰবীণৰ জৰিয়তে মুখ্য গ্ৰহৰ উপৰিও বৃহস্পতি গ্ৰহৰ তিনি-চাৰিটা উপগ্ৰহ এই সময়ত দেখা পোৱা যাব পাৰে।

এই দিনটোত পৃথিৱী আৰু বৃহস্পতি গ্ৰহৰ মাজৰ দূৰত্ব ৫৮ কোটি কিলোমিটাৰলৈ হ্ৰাস পাব। স্বাভাৱিক পৰিস্থিতিত এই দূৰত্ব হৈছে ৯৬ কোটি কিলোমিটাৰ। পৃথিৱীৰ পৰা বৃহস্পতিগ্ৰহৰ দূৰত্ব প্ৰায় ৫৯২.৬৯ নিযুত কিলোমিটাৰ। কিন্তু ২৬ ছেপ্টেম্বৰত পৃথিৱীৰ পৰা বৃহস্পতি গ্ৰহৰ দূৰত্ব মাত্ৰ ৩৬৫ নিযুত কিলোমিটাৰ হ’ব।

নাছাৰ মাৰ্শ্বেল স্পেচ ফ্লাইট চেণ্টাৰত অধ্যয়ন কৰি থকা জ্যোতিৰ্বিজ্ঞানী এডাম কোবেলস্কিয়ে কয়, “অত্যাধুনিক বেণ্ডেড বাইনোকুলাৰ ব্যৱহাৰ কৰি সেইদিনা পৃথিৱীৰ পৃষ্ঠৰ পৰা ৩-৪ টা গালিলীয় উপগ্ৰহ দেখা পোৱা যাব।” তদুপৰি, ৪ ইঞ্চি ডাঙৰ আৰু সেউজীয়া-নীলা ফিল্টাৰ যুক্ত টেলিস্কোপ ব্যৱহাৰ কৰিলে বৃহস্পতিৰ গ্ৰেট ৰেড স্পট আৰু বেণ্ডবোৰ অধিক বিতংভাৱে নিৰীক্ষণ কৰিব পৰা যাব।