মাৰাত্মক কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজি জয়ী হৈছিল! ‘জুৰাছিক পাৰ্ক’ খ্যাত অভিনেতা ছেম নীলৰ দেহাৱসান

‘জুৰাছিক পাৰ্ক’ খ্যাত অভিনেতা ছেম নীলৰ দেহাৱসান ঘটিছে। ডি এলান গ্ৰাণ্টৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে গোটেই বিশ্বই তেওঁক মনত ৰাখিছে। সোমবাৰে অভিনেতাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ বয়স আছিল ৭৮ বছৰ।
অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ নিশ্চিত কৰি পৰিয়ালে এক বিবৃতি প্ৰকাশ কৰে। পৰিয়ালৰ সূত্ৰ অনুসৰি অভিনেতাগৰাকীয়ে ছিডনীত শেষ নিশ্বাস ত্যাগ কৰে।
সুদীৰ্ঘ কেইবাবছৰ ধৰি তেওঁ কৰ্কট ৰোগৰ সৈতে যুঁজি আছিল। মাত্ৰ কেইমাহমানৰ আগতে অভিনেতাগৰাকীয়ে ঘোষণা কৰিছিল যে তেওঁ এই মাৰাত্মক ৰোগৰ সৈতে যুঁজত জয়ী হৈছে।
২০২২ চনত তেওঁৰ ‘এঞ্জিওইমিউন’ব্লাষ্টিক টি-চেল লিম্ফোমা’ ধৰা পৰে। যিটো এটা বিৰল প্ৰকাৰৰ তেজৰ কৰ্কট ৰোগ। প্ৰথম অৱস্থাত কেমোথেৰাপি দিয়া হৈছিল যদিও পিছলৈ তেওঁক অত্যাধুনিক কোষ চিকিৎসাৰ দ্বাৰা চিকিৎসা কৰা হৈছিল।
চলিত বৰ্ষৰ এপ্ৰিল মাহত স্কেন ৰিপৰ্টত প্ৰকাশ পাইছিল যে তেওঁৰ শৰীৰত আৰু কোনো কৰ্কট ৰোগৰ অস্তিত্ব নাই। অভিনেতাগৰাকীয়ে নিজেই এই ভাল খবৰটো শ্বেয়াৰ কৰিছিল।
১৯৪৭ চনত উত্তৰ আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰা ছেম নীলে সৰুতে পৰিয়ালসহ নিউজিলেণ্ডলৈ গুচি যায়। পাঁচ দশকৰো অধিক সময়ৰ অভিনয় জীৱনত তেওঁ ১৫০খনতকৈও অধিক ছবি আৰু টেলিভিছনত কাম কৰিছে। কিন্তু ১৯৯৩ চনত ষ্টিভেন স্পিলবাৰ্গৰ ‘জুৰাছিক পাৰ্ক’ত পুৰাতত্ত্ববিদ ড° এলান গ্ৰাণ্টৰ ভূমিকাই তেওঁক আন্তঃৰাষ্ট্ৰীয় খ্যাতি কঢ়িয়াই আনিছিল। পিছলৈ তেওঁ ‘জুৰাছিক পাৰ্ক তৃতীয়’ আৰু ‘জুৰাছিক ৱৰ্ল্ড ডমিনিয়ন’ত একেই চৰিত্ৰত অভিনয় কৰিছিল।
কেৱল ‘জুৰাছিক পাৰ্ক’য়ে নহয়, ‘দ্য পিয়ানো’, ‘দ্য হাণ্ট ফৰ ৰেড অক্টোবৰ’, ‘প’ছেচন’, ‘হাণ্ট ফৰ দ্য ৱাইল্ডাৰপিপল’, ‘পিকি ব্লাইণ্ডাৰছ’, ‘দ্য টিউডাৰছ’কে ধৰি অসংখ্য জনপ্ৰিয় ছবি আৰু ধাৰাবাহিকত তেওঁৰ অভিনয়ে দৰ্শকক আপ্লুত কৰিছে। বিভিন্ন চৰিত্ৰত অনায়াসে অভিনয় কৰি সমালোচকসকলৰ প্ৰশংসাও লাভ কৰিছে। এটা সম্পূৰ্ণ প্ৰজন্মই অভিনেতাগৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে।