NORTHEAST NOW (Assamese)
নাগালেণ্ড

নাগালেণ্ডৰ সেনাৰ বৰ্বৰতাত নিহত যুৱকৰ পিতৃয়ে ক’লে, “ন্যায় মানে ধন নহয়; দোষী সেনা বিষয়াসকলক শাস্তি দিয়ক”

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 8, 2021 8:57 am

আছাম ৰাইফলছে বৰ্বৰভাৱে গুলীবৰ্ষণ কৰি হত্যা কৰা চোমৱাং কন্যাক নামৰ যুৱকজনৰ পিতৃয়ে এই বৰ্বৰ আক্ৰমণৰ নেতৃত্ব দিয়া সেনা বিষয়াৰ কঠোৰ শাস্তি দাবী কৰিছে।

নিহত চোমৱাঙৰ পিতৃ চেমৱাং কন্যাকে কয়, “আমি চৰকাৰ, আৰক্ষী বা সমগ্ৰ সশস্ত্ৰ বাহিনীক দোষাৰোপ কৰা নাই। আমাৰ বাবে ন্যায় আমাক আগবঢ়োৱা ধন নহয়। কিন্তু আমি বিচাৰো যে অভিযানটোৰ নেতৃত্ব দিয়া মেজৰ কমাণ্ডাৰজনক চিনাক্ত কৰা হ’ব আৰু শাস্তি দিয়া হ’ব।”

উল্লেখ্য যে আছাম ৰাইফলছে গুলীবৰ্ষণ কৰা বাহনখন চোমৱাঙে চলাই আহিছিল। এই নিৰ্বিচাৰ গুলীচালনাত তেওঁ থিতাতে নিহত হয়।

চেমৱাঙৰ ভতিজী মিনপাং ৱাংচুয়ে কয়, “মানুহৰ জন্ম হ’লে মৃত্যু হ’বই। কিন্তু এনেধৰণৰ মৃত্যুৰ যোগ্য কোনো নাছিল।”

“আমাক সুৰক্ষা প্ৰদান কৰা, আমাক নিৰাপত্তা দিয়াটো সেনাৰ কাম নহয় নেকি? তাৰ পৰিৱৰ্তে তেওঁলোকে মোৰ ভাতৃক গুলীয়াই হত্যা কৰিছে।” মিনপাঙে লগতে কয়।

আক্ৰমণত নিহত আন এজন যুৱক থাকৱাঙৰ দেউতাক ৱাংহেনে কয় যে তেওঁ এতিয়া জঠৰতা অনুভৱ কৰে। “কোনো দুখ নাই, কোনো অনুভৱ নাই।” তেওঁ কয়।

আনহাতে এই নৃশংস হত্যাকাণ্ডক গাঁওখনৰ দুই যমজ ভাতৃয়েও প্ৰাণ হেৰুৱাই। নিহত লাংৱাং আৰু থাপৱাঙৰ ডাঙৰ ভাতৃ এল নেনৱাঙে কয়, “লাংৱাং আৰু থাপৱাঙৰ জন্ম একেলগে হৈছিল মিনিটৰ ব্যৱধানত, আৰু মিনিটৰ ব্যৱধানত তেওঁলোক একেলগে মৃত্যুবৰণ কৰিছিল।”

দুই ভাতৃক তেওঁলোকৰ পিতৃ-মাতৃয়ে “পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ পুত্ৰ” হিচাপে স্মৰণ কৰি কয় যে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমী আৰু পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল।

তেওঁলোকৰ মাতৃ আৱাই কয় যে কয়লাৰ খনিত কাম কৰাটো শীতকালৰ বাবে অতিৰিক্ত পকেট মানি আছিল। “দৈনিক মজুৰি ২০০ টকা হ’ব, কিন্তু খনিত এদিনৰ কামে ৫০০ ৰ পৰা ৭০০ টকাৰ ভিতৰত আনিব। এই আশাতে তেওঁলোকে কয়লাৰ খনিত কাম কৰিবলৈ গৈছিল” তেওঁ কয়।