NORTHEAST NOW (Assamese)

১০.৪৫ বজাত শপত; আজি দেশৰ ৪৬ সংখ্যক মুখ্য ন্যায়াধীশত পৰিণত হ’ব ৰঞ্জন গগৈ

October 3, 2018 7:35 am · এন ই নাও নিউজ
Updated: October 3, 2018 7:38 am

আজি ১০.৪৫ বজাৰ সময়খিনি অসমবাসীৰ বাবে আন এক ব্যতিক্ৰম গৌৰৱৰ মুহূৰ্ত হ’ব। কাৰণ অসম সন্তান ন্যায়াধীশ ৰঞ্জন গগৈয়ে আজি এই মুহূৰ্তখিনিত দেশৰ মুখ্য ন্যায়াধীশ হিচাপে শপত ল’ব আৰু ন্যায়িক শীৰ্ষ পদত অধিষ্ঠিত হ’ব।

দেশৰ সৰ্বোচ্চ ন্যায়ক্ষমতা হাতত পোৱা গগৈয়ে হ’ব উত্তৰ-পূবৰ প্ৰথমজন ব্যক্তি। আজি ন্যায়াধীশ ৰঞ্জন গগৈক দেশৰ ১৪ সংখ্যক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শপত পাঠ কৰাব। ইয়াৰ পিছতে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ ল’ব ন্যায়াধীশজনে।

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ বিদায়ী মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ উত্তৰসূৰী হিচাপে শীৰ্ষতম পদটোত অধিষ্ঠিত হৈছে ৰঞ্জন গগৈ।

ইতিপূৰ্বে কেইবাটাও গুৰুত্বপূৰ্ণ ৰায় দিয়া ন্যায়াধীশ ৰঞ্জন গগৈৰ সন্মুখত আন কেইবাটাও গুৰুত্বপূৰ্ণ আইনী প্ৰত্যাহ্বান থকাটো নিশ্চিত। বিশেষকৈ ইয়াৰ ভিতৰত অযোধ্যাৰ গোচৰ আৰু অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰাৰ পৰা নাম বাদ পৰা ৪০ লাখ লোকৰ বিষয়টো অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।

ইয়াৰোপৰি হিন্দুত্ববাদী চৰকাৰখনৰ কিছুমান কাম-কাজো বা হিন্দুত্ব কেন্দ্ৰিক বেআইনী ক্ৰিয়াকলাপৰ প্ৰতি থকা চৰকাৰৰ সহনশীলতাও ন্যায়াধীশ ৰঞ্জন গগৈৰ ন্যায়-শাসনৰ চকুত পৰিব পাৰে।

আনহাতে পূৰ্বে আন তিনিজন জ্যেষ্ঠ ন্যায়াধীশৰ সৈতে একত্ৰিতভাৱে সংবাদমেল দি বিষোদগাৰ কৰিলেও ন্যায়াধীশ ৰঞ্জন গগৈয়ে দেশৰ বিদায়ী মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ শলাগ লয়। তেওঁক অসাধাৰণ আইনবিদ বুলি অভিহিত কৰে গগৈয়ে। ২ অক্তোবৰত উচ্চতম ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যনে আয়োজন কৰা বিদায়ী মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ বিদায়সভাত গগৈয়ে এইদৰে কয়। তেওঁ লগতে কয়, “আমি এতিয়া জাতি-বৰ্ণ, ধৰ্ম আৰু মতদাৰ্শৰ ভিত্তিত পূৰ্বতকৈ অধিক বিভাজিত হৈ পৰিছো।”

Related News