NORTHEAST NOW (Assamese)
অসম

এছ এ ববডে দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ নিযুক্ত; ১৮ নৱেম্বৰত ল’ব শপত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 29, 2019 12:22 pm
Justice-sa-bobde WP in Supreme Court begs for ‘aggressive’ implementation of CAA 2019

ন্যায়াধীশ শাৰদ অৰৱিন্দ ববডেক মঙলবাৰে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে।

বৰ্তমান সৰ্বোচ্চ ন্যায়ালয়খনৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ স্থলাভিষিক্ত হ’বলগীয়া ববডেই অহা ১৮ নৱেম্বৰত শপত ল’ব।

ন্যায়াধীশ ববডে মধ্য প্ৰদেশ উচ্চ ন্যায়ালায়ৰ এগৰাকী প্ৰাক্তন মুখ্য ন্যায়াধীশ। তেওঁ অহা ২০২১ চনৰ ২৩ এপ্ৰিলত অৱসৰ গ্ৰহণ কৰিব।

১৯৫৬ চনৰ ২৪ এপ্ৰিলত মহাৰাষ্ট্ৰৰ নাগপুৰত জন্মগ্ৰহণ কৰা ন্যায়াধীশ ববডে নাগপুৰ বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত উচ্চ শিক্ষা গ্ৰহণ কৰিছিল।

তেওঁ ২০০০ চনত বোম্বে হাইকোৰ্টৰ এগৰাকী অতিৰিক্ত ন্যায়াধীশ হিচাপে যোগদান কৰিছিল। ২০১২ চনত তেওঁ মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হয়।

ন্যায়াধীশ ববডে ২০১৩ চনৰ এপ্ৰিলত উচ্চতম ন্যায়ালয়ত যোগদান কৰে।

ন্যায়াধীশগৰাকী অযোধ্যাৰ মন্দিৰ-মছজিদ বিবাদ, বি চি চি আইৰ গোচৰ তথা আতচবাজীৰ বিৰুদ্ধে গোচৰকে ধৰি বহু গুৰুত্বপূৰ্ণ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াত জড়িত হৈ আছে।

অহা ১৮ নৱেম্বৰত পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিবলগীয়া ন্যায়াধীশ ববডেই প্ৰায় ১৮ মাহৰ কাৰ্যকাল লাভ কৰিব।