NORTHEAST NOW (Assamese)
অসম

বয়স মাত্ৰ ২৫ বছৰ! ঘৰতে মৃত অৱস্থাত উদ্ধাৰ কে-পপ তাৰকা মুনবিনৰ দেহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 20, 2023 3:44 pm

মাত্ৰ ২৫ বছৰ বয়সতে স্তব্ধ হৈ পৰিল কে-পপ তাৰকা মুনবিনৰ জীৱন। তেওঁৰ ঘৰৰ পৰাই উদ্ধাৰ কৰা হয় এষ্ট্ৰ’ বেণ্ডৰ সদস্যগৰাকীৰ মৃতদেহ।

বৃহস্পতিবাৰে দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত থকা তেওঁৰ গ্যাংনাম-গুৰ ফ্লেটৰ পৰা উদ্ধাৰ হয় তেওঁৰ মৃতদেহ। পপ তাৰকাগৰাকীয়ে আত্মহত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

স্থানীয় সময় অনুসৰি ১৯ এপ্ৰিলৰ নিশা ৮.১০ বজাত নিজ ঘৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল মুনবিনক। তেওঁৰ মেনেজাৰে বিষয়টো গম পোৱাৰ পিছত তেওঁ আৰক্ষীক খবৰ দিয়ে।

লগতে পঢ়ক: মৰ্মান্তিক! সাহায্য বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ নিহত কমেও ৮৫ জন; আহত ৩০০ৰো অধিক

মুনবিনৰ এজেন্সী ফান্টাজিঅ’ই এক বিবৃতিত কয় যে, ‘এই দুখজনক খবৰৰ বাবে আমি ফান্টাজিঅ’ই প্ৰথমে ক্ষমা বিচাৰিছো। এষ্ট্ৰ’ৰ সদস্য মুনবিনে ১৯ এপ্ৰিলত আমাক এৰি থৈ গৈছে। তেওঁ এতিয়া আকাশৰ তৰা হৈ পৰিছে। আমি বহুদিন একেলগে আছিলো। তেওঁৰ আকস্মিক মৃত্যুত আমি গভীৰভাৱে ব্যথিত হৈছো।’

এই উদীয়মান কে-পপ তাৰকাগৰাকীয়ে এষ্ট্ৰ’ ইউনিটৰ সৈতে হাতে মিলাই উভতি আহিছিল। ছানহাৰ লগত একেলগে ভ্ৰমণৰ পৰিকল্পনা কৰিছিল। এতিয়া  অনুষ্ঠানটো বাতিল কৰা হৈছে বুলি উদ্যোক্তাসকলে জনাইছে।

তেওঁৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। মুনবিনে গায়ক হোৱাৰ লগতে অভিনয়, নৃত্য আৰু মডেলিংও কৰিছিল।

লগতে পঢ়ক: গুৱাহাটীত উদ্ধাৰ হৈছে ইটোৰ পিছত সিটো মৃতদেহ

২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত ছয়জন সদস্যৰে আৰম্ভ হৈছিল বেণ্ডটো। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ঘোষণা কৰা হৈছিল যে বেণ্ডৰ সদস্য ৰকিয়ে কোম্পানীটোৰ সৈতে তেওঁৰ চুক্তিৰ অন্ত পৰাৰ বাবে গোটটো এৰি যাব।